নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
মহামাৰী ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে 'তলাবন্ধ' চলি থকাত সৰ্বসাধাৰণ দৰিদ্ৰ লোকৰ খোৱা-বোৱাকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।ইতিমধ্যে এই দৰিদ্ৰ লোকসকলক চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সাহায্য আগবঢ়াইছে।অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ আঁচনিৰ ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকসকলক বিনামূলীয়াভাৱে চাউল বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।ৰেছন কাৰ্ড নথকা দৰিদ্ৰ লোকৰ পৰিয়ালৰ প্ৰতি গৰাকী লোকক পাঁচ কিল'গ্ৰামকৈ চাউল যোগান ধৰাৰ ব্যৱস্থা চৰকাৰে কৰিছে।নগাঁও সদৰ সমষ্টিত এই চাউল বিতৰণ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিছে বিধায়ক ৰূপক শৰ্মাই।ৰূপক শৰ্মাই কৈছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে লোৱা এই পদক্ষেপে এনেধৰণৰ পৰিয়ালক সকাহ দিব।নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত নগাঁও পৌৰসভাৰ আৰু পঞ্চায়তৰ ৰেছন কাৰ্ড নথকা এনে পৰিয়ালৰ লোককো বিনামূলীয়াকৈ চাউলৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে।উল্লেখ্যযোগ্য যে নগাঁও ৰাজহ চক্ৰৰ এলেকাধীন ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালৰ বাবে ৪০৫৬.০৫ কুইন্টল,চামগুৰিৰ বাবে ২২১৩.৭৭ কুইন্টল,ৰূপহীৰ বাবে ৩০৯৫.৫৫ কুইন্টল,ৰহাৰ বাবে ১৩৯৫কুইন্টল আৰু কামপুৰ ৰাজহ চক্ৰৰ বাবে ২২৩২.৩৫ কুইন্টল চাউল মুকলি কৰি দিয়া হৈছে।নগাঁও সদৰ সমষ্টিত ৰাজহ বিভাগৰ কৰ্মচাৰী,সুলভ মূল্যৰ এজেন্টৰ লগতে এবিভিপি সদস্যই চাউল বিতৰণৰ তদাৰক কৰিছে।
- Log in to post comments
- 8 views