গ্ৰাম্য বিকাশ মঞ্চৰ বিশেষ পদক্ষেপ:চাৰিখন জিলাত পাঁ‌চ হাজাৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নামনি অসমৰ চাৰিখন জিলাৰ পাঁঁচ হাজাৰ দুখীয়া-নিচলা পৰিয়াললৈ বৰবৰীস্থ গ্ৰাম্য বিকাশ মঞ্চই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগানৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।উল্লেখ্য যে নলবাৰী, বৰপেটা,বাক্সা আৰু কামৰূপ গ্ৰাম্য জিলাক এই কাৰ্যসূচীত সামৰি লোৱা হৈছে।বুধবাৰে নলবাৰী জিলাৰ বৰবৰীস্থ তপোবন চৌহদত কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চলি থকা তলাবন্ধৰ ফলত অসহায় অৱস্থাত পৰা এই পৰিয়ালসমূহৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰে বিধায়ক অশোক শৰ্মাই।দুখীয়া- নিচলা লোকসকলৰ বাবে যোগান ধৰা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণৰ শুভাৰম্ভ কৰি বিধায়কগৰাকীয়ে বুুধবাৰে নিকটৱৰ্তী খাতা ধমধমা গাঁঁৱৰ দহগৰাকী অসহায় দুখীয়া বিধৱা মহিলা,বিশেষভাৱে সক্ষম লোক আৰু গৰ্ভৱতী মহিলাৰ হাতত খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ায়।উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নীতি অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখি গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্ব্বিভূূষণ ডেকাই আঁঁত ধৰা অনুষ্ঠানত বিধায়কগৰাকীয়ে ক'ভিড-১৯ৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখা,সঘনে হাত ধোৱা আৰু অনাহকত ঘৰৰ বাহিৰলৈ নাযাবলৈ আহ্বান জনায়।খাদ্য বিতৰণ কাৰ্যসূচীত জিলা যক্ষ্মা বিষয়া তথা গ্ৰাম্য বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা ড:সুৰেন মজুমদাৰে উপস্থিত দুখীয়া হিতাধিকাৰী আৰু স্বেচ্ছাসেৱকসকলক ক'ভিড-১৯ৰ ভয়াৱহতা আৰু সুৰক্ষা  সন্দৰ্ভত বক্তব্য প্ৰদান কৰি ৰাইজক সজাগ হ'বলৈ আহ্বান জনায়।খাদ্য বিতৰণ কাৰ্যসূচীত অনুষ্ঠানটোৰ সম্পাদক দিবাকৰ ডেকা আৰু উপ-সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তীয়ে দুখীয়া পৰিয়াললৈ খাদ্য সামগ্ৰীৰ টোপোলা আগবঢ়ায়।উল্লেখ্য যে নামনি অসমৰ নলবাৰী, বৰপেটা,বাক্সা আৰু কামৰূপ গ্ৰাম্য জিলাত তলাবন্ধৰ ফলত দুখীয়া তথা বিধৱা, বিশেষভাৱে সক্ষম আৰু দুখীয়া পৰিয়ালৰ ছয় বছৰৰ তলৰ শিশু থকা পাঁঁচ হাজাৰ পৰিয়ালক এই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান কাৰ্যসূচীত সামৰি লোৱা হৈছে।দুখীয়া পৰিয়ালসমূহৰ মাজত দাইল,মিঠাতেল,আলু, পিয়াঁঁজ,ছয়াবিন,আটা,বুট,বিস্কুট,চাৰ্ফ,চাবোনৰ ষোল্লশ টকাৰ আৰু অতিৰিক্তভাৱে শিশু খাদ্যৰ বাবে ছয়শ পঞ্চাশ টকাৰ টোপোলা যোগান ধৰা হৈছে।অনুষ্ঠানটোৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে। 

 

Your Comments