গোলাঘাটত অঘটন:কোৱাৰেন্টাইন কক্ষৰ পৰা পলাল ক'ভিড-১৯ সংক্ৰমণত সন্দেহযুক্ত পশ্চিম বংগৰ ব্যক্তি  

Pic

গোলাঘাটৰ প্ৰতিবেদক:

মঙলবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ঘটিল এক অঘটন।যোৱা ১ মে'ত বোকাখাত চিকিৎসালয়ৰ পৰা ক'ভিড -১৯ সংক্ৰমিত হোৱাৰ সন্দেহত মুুকুল মিত্ৰ নামৰ এজন লোকক প্ৰেৰণ কৰিছিল গোলাঘাটৰ চিকিৎসালয়লৈ।কোৱাৰেন্টাইন কক্ষত যাৱতীয় পৰীক্ষা চলি থকা লোকজনে মঙলবাৰে নিশা চিকিৎসালয়খনৰ পৰা হঠাৎ পলায়ন কৰে।জানিব পৰা মতে,পশ্চিম বংগৰ এই লোকজনৰ যোৱা ৩ মে'ত হোৱা প্ৰথমটো ক'ৰ'না পৰীক্ষাত নিগেটিভ ফলাফল আহিছিল যদিও আৰু  পৰীক্ষা বাকী আছিল।তেনেসময়তে,লোকজনে চিকিৎসালয় কৰ্তৃপক্ষৰ চকুৰ আঁঁৰ হৈ এনেকৈ পলায়ন কৰা কাৰ্য্যত সমগ্ৰ চিকিৎসালয়খনত এতিয়া হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।

Your Comments