নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
ক'ৰ'না ভাইৰাছৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত 'লকডাউন' ঘোষণা হোৱাত
ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাম
-কাজ বন্ধ হৈ পৰিছে।এনে সময়তে সূদুৰ বিহাৰৰ পৰা খোজকাঢ়ি নগাঁও জিলাৰ পুৰণিগুদামৰ স্বগৃহত উপস্থিত হৈছে এজন ব্যক্তি।গুজৰাটৰ এটা কোম্পানীত কৰ্মৰত এই ব্যক্তিগৰাকী হৈছে পুৰণিগুদামৰ সমীপৱৰ্তী গধৰীয়া গাঁৱৰ যাদৱ গগৈ।গুজৰাটৰ বাপী জিলাত এটা কোম্পানীত ছিকিউৰিটি গাৰ্ড ৰূপে কৰ্মৰত আছিল গগৈ।লকডাউনৰ ফলত তেওঁ কৰ্মৰত কোম্পানীটোৰ কাম-কাজ বন্ধ হৈ যায়।যাৰ বাবে তেওঁ আৰ্থিক সমস্যাত পৰাত ঘৰলৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।যাৰ বাবে যোৱা ২৩ মাৰ্চত যাদৱ গগৈয়ে গুজৰাটৰ পৰা এখন মালবাহী ট্ৰাকত আহি উত্তৰ প্ৰদেশ পোৱাৰ পাছত পুনৰ এখন মালবাহী ট্ৰাকত উঠি উত্তৰ প্ৰদেশৰ পৰা আহি বিহাৰত উপস্থিত হয়।বিহাৰ আহি পোৱাৰ পিছত যাতায়তৰ সুবিধা নথকাত ২৭ মাৰ্চত খোজকাঢ়ি ঘৰলৈ বুলি ৰাওনা হয় গগৈ।বিহাৰৰ পৰা খোজকাঢ়ি অহাৰ পথত কোনো দুষ্টচক্ৰই শিলিগুৰিত গগৈৰ হাতত থকা চাৰি হাজাৰ টকা লুট কৰি নিয়ে।ইয়াৰ পিছতে হাতত কোনো টকা-পইচা নথকাত মৰসাহ গোটাই যাদৱ গগৈ
খোজকঢ়া অব্যাহত ৰখাৰ লগতে নিশা হ'লে পথৰ কাষৰ জিৰণি চ'ৰাত আশ্ৰয় গ্ৰহণ কৰে । কেইবাদিনো ভোকে-লঘোণে অতিবাহিত হোৱাৰ বিপৰীতে কোনোবা মানুহৰ পৰা 10-20 টকা খুজি বিস্কুট আৰু পানী কিনি খাই অৱশেষত দেওবাৰে নিশা ২৪ দিনৰ অন্তত নগাঁও জিলাৰ ৰহাত উপস্থিত হয়।ৰহাত এটি পৰিয়ালে যাদৱ গগৈক খাদ্যৰ যোগান ধৰে । ইয়াৰ পিছত তেওঁ গধৰীয়াৰ পৰিয়ালৰ লোকক ফোন কৰাত পৰিয়ালৰ লোক,স্থানীয় যুৱক জিতু মণি মহন্ত আৰু পুৰণিগুদামৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়া চন্দন ফুকন,দিব্য জ্যোতি হাজৰিকাৰ তত্ত্বাৱধানত গগৈক উদ্ধাৰ কৰে । ৰহা থানাৰ সহযোগত ১০৮ৰ সহায়ত নগাঁৱৰ ভোগেশ্বৰী
ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ৰ'না নিৰীক্ষণ কেন্দ্ৰত কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰাৰ লগতে তেজৰ নমুনা সংগ্ৰহ কৰে।সম্প্ৰতি যাদৱ গগৈ চিকিৎসকৰ নিৰীক্ষণত আছে।
- Log in to post comments
- 11 views