'লকডাউন':বঙাইগাঁৱত দুখীয়া লোকলৈ সহায়ৰ হাত বিদ্যালয়ৰ অধ্যক্ষ,চিকিৎসক,অভিযন্তা আৰু অধিবক্তাৰ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক'ৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে সমগ্র দেশত চলি আছে 'লকডাউন'।লকডাউনৰ বাবে সৰ্ব-সাধাৰণ দীন-দুখীয়া তথা দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দিয়া লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।বঙাইগাঁৱতো এনে বহু পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা হৈছে।কিন্তু তেনে দুখীয়া লোকক সকাহ দিবলৈ আগবাঢ়ি আহিছে চহৰখনৰ একাংশ মানৱদৰদী লোক।মঙলবাৰে বঙাইগাঁও চহৰৰ সমীপৰ দোলাইগাঁও আৰু গুৰুনানক নগৰৰ সমাজ সচেতন বিশিষ্ট ব্যক্তি ক্ৰমে বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (ইংৰাজী মাধ্যমৰ) অধ্যক্ষ আব্দুল মান্নান,অধিবক্তা মুক্তাৰ উদ্দিন, অভিযন্তা আনিছুৰ ৰহমান,চিকিৎসক ক্ৰমে ডাঃ স্বাহজাহান আলী আহমেদ,ডাঃ গোলাম মোস্তাফা, ডাঃ এছ জামান,সমাজকৰ্মী ছৈয়দ ছৰিফুল ইছলাম আদিয়ে দুখীয়া লোকক সহায়ৰ হাত আগবঢ়ায়৷বঙাইগাঁও চহৰৰ সমীপৰ নিউ বঙাইগাঁও,চাইনা বজাৰ,ভাওলাগুৰী,টুনীয়াৰপাৰ আদি অঞ্চলৰ মুঠ ১৫০ টা দূখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে পৰিয়ালসমূহৰ মাজত ৫ কিলোগ্ৰাম চাউল,দুই কিলোগ্ৰাম আলু,এক কিলোগ্ৰাম পিয়াজ,দাইল,মিঠাতেল, চাবোন, মাস্ক আদি বিতৰণ কৰে৷

Your Comments