'লকডাউন'ৰ গইনা লৈ কামৰূপ জিলাত ব্যাপক মূল্য বৃদ্ধি অসাধু ব্যৱসায়ীৰ:উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ আহ্বান কামৰূপ 'আছু'ৰ 

মৃণাল ডেকা,শুৱালকুছি:

বিশ্ববাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা 'লকডাউন'ৰ গইনা লৈ সম্প্ৰতি কামৰূপ জিলাত অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ  মূল্য বৃদ্ধি ঘটা পৰিলক্ষিত হৈছে।চাউল,দাইল,আটা,মিঠাতেলৰ পৰা আৰম্ভ কৰি আলু,পিয়াঁঁজলৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি ঘটোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই।সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে এটা বিবৃতিযোগে জনোৱা মতে দৰিদ্ৰ জনসাধাৰণৰ বাবে চৰকাৰে খাদ্য সুৰক্ষা আঁঁচনিৰ জৰিয়তে বিনামূলীয়া চাউল যোগান ধৰিছে যদিও অন্যান্য খাদ্য সামগ্ৰীৰ জুই-চাই দামে এইসকল ব্যক্তিক  ভীষণ সমস্যাৰ সম্মুখীন কৰোৱাইছে ৷ বিবৃতিটোত তেওঁলোকে উল্লেখ কৰা মতে দৰিদ্ৰ তথা সাধাৰণ লোকৰ কথা বাদেই,গ্ৰামাঞ্চলৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলেও ব্যাপক মূল্য বৃদ্ধিৰ ফলত ককবকাব লগাত পৰিছে।অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত দাইল,চাউল,মিঠাতেল,আলু,পিয়াঁঁজ,চেনী,আটা আদিৰ দাম পূৰ্বৰ তুলনাত প্ৰতি কুইণ্টলত এহেজাৰ টকা পৰ্যন্ত বৃদ্ধি পোৱাত গ্ৰাহক ৰাইজে ত্ৰাহি মধুসূদন সুঁঁৱৰিব লগা হৈছে বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰে বান্ধি দিয়া মৃল্যৰ বিপৰীতে অধিক মূল্যত খাদ্য সামগ্ৰী বিক্ৰী কৰিছে।দেশৰ তথা ৰাজ্যৰ জনসাধাৰণৰ সংকটৰ সময়ত মূল্যবৃদ্ধি ঘটোৱা অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে সকলোকে সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনােৱাৰ লগতে কামৰূপ জিলা উপায়ুক্তক ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু হেমন্ত দাসে আহ্বান জনাইছে৷
 

Your Comments