মৰিগাঁৱৰ চৰাইবাহীত বৃহৎ পৰিমাণৰ চুলাই মদ আৰু প্ৰস্তুতি সামগ্ৰী জব্দ

Pic

মৰিগাঁৱৰ পৰা জিতুমনি নাথ :

দেশজুৰি চলি থকা 'লকডাউন'ৰ সময়ত অতি সংগোপনে আবকাৰী বিভাগ আৰু আৰক্ষীৰ চকুত ধূলি দি চলাই অহা চুলাই মদৰ ৰমৰমীয়া ব্যৱসায়ৰ মাজতে ২০ এপ্ৰিলৰ সন্ধিয়া মৰিগাঁও আবকাৰী বিভাগ আৰু মিকিৰভেটা আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত মৰিগাঁও জিলাৰ চৰাইবাহী আৰু ভোমোৰাগুৰিত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়।মৰিগাঁও জিলা আবকাৰী বিভাগৰ অধীক্ষক মুছাৰব হুছেইনে মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ সহযোগত সন্ধিয়া চৰাইবাহী আৰু ভোমোৰাগুৰিত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়।

Pic

অভিযান কালত পাঁচশ লিটাৰতকৈও অধিক চুলাই মদ জব্দ  কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই মদৰ প্ৰস্তুতি সামগ্ৰী জব্দ কৰি নষ্ট কৰে।তাৎপৰ্য্যপূৰ্ণ যে জিলাখনৰ বহু ভিতৰুৱা অঞ্চলত এটা চক্ৰই প্ৰশাসনৰ অজ্ঞাতে চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা অভিযোগ উত্থাপন হৈ আহিছে আৰু এই ক্ষেত্ৰত সমাজ বিৰোধী লোকসকলক চিনাক্ত কৰি অতি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মৰিগাঁৱৰ সচেতন মহলে।

Your Comments