হাজো আৰক্ষীক গামোচাৰে বিহুৱান দমদমা 'আছু'ৰ

Pic

হাজোৰ পৰা কমলাকান্ত দাস: 

ক'ভিড-১৯ ক'ৰ'না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰিলেও বিহুৰ পৰম্পৰাক ৰক্ষা কৰিবই লাগিব।সেই উদ্দেশ্যৰে দমদমা আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ  নিৰাপত্তাৰ স্বাৰ্থত নিয়োজিত হৈ থকা হাজো আৰক্ষীক অসমীয়াৰ চানেকি ফুলাম গামোচাৰে বিহুৱান যাচে।অনুষ্ঠানটোৰ আঁঁত ধৰি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰুবুল চন্দ্ৰ দাসে কয় যে দেশৰ লগতে ৰাজ্যত ক'ৰ'না মহামাৰীৰ বাবে লকডাউন চলি থকাৰ সময়ত ৰাইজক নিৰাপত্তা দিয়াৰ বাবে ৰঙালী বিহুৰ দিনটোতো আৰক্ষী তথা জোৱানসকল নিজৰ পৰিয়ালৰ পৰা বহু দূৰত থাকিব লগীয়া হৈছে।সেয়েহে কৰ্তব্যত নিয়োজিত তথা সকলো সময়তে ৰাইজৰ কাষত থকা হাজো থানাৰ আৰক্ষী বিষয়াসকলক গামোচাৰে বিহুৱান দিবলৈ পাই আমি সুখী অনুভৱ কৰিছোঁঁ।বিহুৱান গ্ৰহণ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মনে আছুৰ প্ৰতিনিধিসকলক কৃতজ্ঞতা জ্ঞাপন কৰে।এই অনুষ্ঠানত হাজো থানাৰ উপ-পৰিদৰ্শক এ ব্ৰহ্ম,ৰবীন গোহাঁঁই,হৰেণ কলিতা,পূৰৱী নৰহ,সহকাৰী উপ- পৰিদৰ্শক হৰেন দাস আৰু কামাখ্যা অধিকাৰীক বিহুৱান যাচে।'আছু'ৰ প্ৰতিনিধি দলটোত আছু নেতা বনমালী কলিতা,নিতুমণি দাস,নৱজ্যোতি দাস আৰু দীপজ্যোতি দাস উপস্থিত থাকে।

Your Comments