মৰিগাঁৱৰ বিভিন্ন ঠাইত আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

Pic

মৰিগাঁৱৰ পৰা জিতুমনি নাথ:

'লকডাউন'ৰ সময়ছোৱাত  মৰিগাঁৱত বৃৃহস্পতিবাৰে বিভিন্ন ব্যক্তি,চৰকাৰী বিষয়া আদি কৰি বিভিন্নজনে আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। সেই অনুসৰি মৰিগাঁও নগৰৰ সমীপৰ বগৰীগুৰি গাঁৱত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথৰ তত্বাৱধানত,মৰিগাঁও জিলাৰ সমাজকল্যাণ বিষয়া দেৱজিৎ বৰা,জলসম্পদ বিভাগৰ সহকাৰী অভিযন্তা প্ৰাণজিৎ নাথ,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জয়ন্ত ভূঞা,সমাজসেৱক মুকুল হাজৰিকা,বিজেপিৰ যুৱ নেতা মৃদুল নাথ,অৱসৰ প্ৰাপ্ত অধ্যক্ষা লিপিকা বৰুৱাৰৰ সহযোগত গাঁওখনৰ ১৫০ টা দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।জিলা অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমানে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা,সাংবাদিক ৰাতুল ডেকা,দীপাংক নাথৰ উপস্থিতিত গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰি সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে পৰিস্কাৰ-পৰিচ্ছন্নকৈ থাকি চৰকাৰৰ নীতি- নিৰ্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনাই।একেদৰে মৰিগাঁও এন আৰ এইচ এমৰ ডি পি এম জুফিন চুলতানা,মিডিয়া এক্সপাৰ্ট নিলাক্ষী বৰাকে আদি কৰি এন আৰ এইচ এমৰ বিষয়াসকলে চৰাইবাহীৰ বৰভগীয়াত ৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সম্পাদক সুৰেশ দাসে মৰিগাঁও নগৰৰ পচতীয়াত,পূব ছাটনগুৰি গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সভাপতি পিংকু মেধী আৰু সম্পাদক জিতুমনি দাসৰ নেতৃত্বত ১৭০ টা পৰিয়ালকে ধৰি আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

 

 

 

 

Your Comments