নগাঁঁৱৰ পৰা ৱাহিদুদ জামান:
'লকডাউন'ৰ সময়ত খাদ্য সংকটত পৰা ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকক চৰকাৰে পঞ্চায়তৰ জৰিয়তে ১০০০ টকাৰ সাহায্য ধন বিতৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সৰ্বত্ৰ উত্থাপন হৈছে।নগাঁও জিলাতো পঞ্চায়তে- পঞ্চায়তে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত নপৰা দৰিদ্ৰ লোকক ১০০০ টকাৰ নগদ ধন বিতৰণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। জিলাখনৰ ১৩ টা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭২ টা গাওঁ পঞ্চায়তৰ অধিকাংশতেই এই ধন বিতৰণত দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগৰ কথা ৰাইজৰ মুখে মুখে। জিলাখনৰ কলিয়াবৰ, পশ্চিম কলিয়াবৰ, বাজিয়াগাঁও,লাওখোৱা,ৰূপহী,জুৰীয়া, বটদ্ৰৱা,দলংঘাট,ৰহা,খাগৰিজান,পাখিমৰিয়া, বঢ়মপুৰ, কঠিয়াতলী উন্নয়ন খণ্ডৰ অধীনৰ ১৭২টা গাঁও পঞ্চায়তৰ অধিকাংশ পঞ্চায়ততে এই ১০০০ টকীয়া ধন বিতৰণত খেলি-মেলি হৈছে।প্ৰাপ্ত অভিযোগ অনুসৰি,একাংশ চৰকাৰী চাকৰিয়াল,ৰেচন কাৰ্ড থকা ব্যক্তি, চৰকাৰী পেঞ্চন পোৱা ব্যক্তি আদিৰ নামো ১০০০ টকীয়া ধন বিতৰণৰ তালিকাত সন্নিবিষ্ট হৈছে।গুৰুত্বপূৰ্ণ কথাটো হ'ল এই ধন বিতৰণত গাঁও পঞ্চায়তসমূহৰ একাংশ পঞ্চায়ত সভাপতি-সভানেত্ৰী,পঞ্চায়ত সদস্যৰ নিজৰ অঙহী-বঙহীৰ নামতো ধন আবন্টন দিয়াৰ অভিযোগ উঠিছে।চৰকাৰী নিৰ্দেশনা অনুসৰি সমাজৰ অতিকৈ দুৰ্বল শ্ৰেণী তথা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ ৰেচন কাৰ্ড নথকা পৰিয়ালে এনে নগদ ১০০০ টকাৰ সাহায্য লাভ কৰিব লাগে। কিন্তু জিলাখনৰ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু সচিবে চৰকাৰী নিৰ্দেশক অমান্য কৰি ক্ষমতাৰ অপব্যৱহাৰেৰে ধন বিতৰণত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উঠিছে।প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলে বিত্তৱান লোক,নিজৰ আত্মীয়কে ধৰি চৰকাৰী নিৰ্দেশনাৰ আওঁতাত নপৰা বহু লোকৰ নামত ধন আবন্টন কৰিছে।এই সন্দৰ্ভত স্থানীয় সচেতন মহলে সংশ্লিষ্ট উন্নয়ন খণ্ড বিষয়াক অৱগত কৰিছে যদিও বিষয়াসকলে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে।অৱশ্যে এনে দুৰ্নীতিৰ অভিযোগত জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত কচাৰীগাঁও আৰু গদাইমাৰী পঞ্চায়তৰ সচিব দুজনক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে।আন এক অভিযোগ মতে,একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে এই ধন আবন্টনৰ নামত একাংশ লোকৰ পৰা ২০০ৰ পৰা ৪০০ টকা পৰ্যন্ত কমিচন লোৱাৰো অভিযোগ উঠিছে।পঞ্চায়তে পঞ্চায়তে সংঘটিত এনে দুৰ্নীতিৰ বিষয়ে ৰাইজৰ মুখে মুখে প্ৰচাৰ হোৱাত সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত বৰ্তমান ৰাজ্যখনৰ অতি সংকটপূৰ্ণ মুহূৰ্ততো দৰিদ্ৰ লোকৰ বাবে আৱন্টিত ধন একাংশ পঞ্চায়ত প্ৰতিনিধি-সচিবে লুণ্ঠন চলোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।
- Log in to post comments
- 63 views