নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
মহামাৰীৰ ৰূপ ধাৰণ কৰা ন'ভেল ক'ৰ'না ভাইৰাছ ( ক'ভিড-১৯)ৰ লগত মোকাবিলা তথা প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰতি সমৰ্থন জনাই বৃহস্পতিবাৰে নগাঁও জিলাৰ বেবেজীয়াত ১৯৪৪ চনত প্ৰতিষ্ঠিত বেবেজীয়া পূজা মন্দিৰৰ বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ তৰফৰ পৰা 'অসম আৰোগ্য নিধি'লৈ ১০ হাজাৰ টকা প্ৰদান কৰে।বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ সভাপতি মুকুল গোস্বামী আৰু সম্পাদক ৰাজীৱ কুমাৰ শৰ্মাই নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ হাতত অসম আৰোগ্য নিধিলৈ আগবঢ়োৱা ধনৰ চেকখন প্ৰদান কৰে।বিধায়কগৰাকীয়ে বেবেজীয়া আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
- Log in to post comments
- 14 views