সানেকুছি গাঁঁও পঞ্চায়তৰ দুখীয়া পৰিয়ালক অৰ্থ সাহায্য

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মহামাৰী ক'ৰ'না ভাইৰাছৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে বিশ্ব।ভাৰততো ঘোষণা কৰা হৈছে ২১ দিনীয়া 'লকডাউন'।এই লকডাউনৰ সময়ত দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত দেখা দিছে খাদ্য সংকট।ইফালে,চৰকাৰেও পাৰ্য্যমানে সহায় কৰিছে জনসাধাৰণক। যোগান ধৰিছে বিনামূলীয়া চাউল৷এই খিনিতে উল্লেখ্য যে ৰাজ্যখনৰ প্ৰায়বোৰ গাওঁ পঞ্চয়তৰে অধীনষ্ঠ একাংশ দুখীয়া লোকে বৰ্তমানো পোৱা নাই চৰকাৰী ৰেচন কাৰ্ড৷ এইসকল  দৰিদ্ৰ পৰিয়ালক নগদ ১০০০ টকাকৈ দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল।এই ঘোষণাৰ পিছতে বুধবাৰে নলবাৰী জিলাৰ বৰভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫৩(৭)সানেকুছি গাওঁ পঞ্চায়তৰ অধীনষ্ঠ কেইবাটাও দৰিদ্ৰ পৰিয়ালক নগদ ১০০০ টকাকৈ সাহায্য প্ৰদান কৰে গাওঁ পঞ্চায়তৰ সভাপতি মুনীন্দ্ৰ বেজবৰুৱাই৷ বেজবৰুৱাক সংগ দিয়ে গাওঁ পঞ্চায়তখনৰ সচিব অমৰেন্দ্ৰ শৰ্মা,দলীয় কাৰ্য্যকৰ্তা ৰাজু তালুকদাৰ আৰু যোগেন তালুকদাৰে৷

Your Comments