নৰেন শৰ্মা,বাহাৰঘাট:
বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টিকাৰী ক’ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে
নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ পৰিচালনা সমিতি(দেহাৰকুছি)ৰ তৰফৰ পৰা সোমবাৰে 'অসম আৰোগ নিধি'লৈ নগদ ২০,০০০ হাজাৰ টকাৰ সাহায্য হিচাপে আগবঢ়ায়৷ স্থানীয় চেন্ট্ৰেল বেংক অব ইণ্ডিয়া,বাহাৰঘাট শাখাত পৰিচালনা সমিতিৰ হৈ হিচাপ পৰীক্ষক শচীন্দ্ৰ শৰ্মা আৰু সহঃসাধৰণ সম্পাদক কবিন্দ্ৰ শৰ্মাই সাংবাদিক নৰেন শৰ্মাৰ উপস্থিতিত বেংকটোৰ শাখা প্ৰৱন্ধকৰ হাতত আৰোগ্য নিধিৰ চেকখন প্ৰদান কৰে৷
- Log in to post comments
- 29 views