জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে পশ্চিম মূঢ়াদলত কোনো ধৰণৰ খাদ্য-সম্ভাৰ, বিনামূলীয়া চাউল লাভ নকৰা দৰিদ্ৰ লোকসকলক ১ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে।এই সাহায্য প্ৰদানত পশ্চিম মূঢ়াদলৰ গাঁও পঞ্চায়তৰ এলেকাসমূহত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱী,পঞ্চায়তৰ লগত জড়িত যুৱক পৱন বৰা,ৱাৰ্ডৰ সদস্যসকল আৰু একাংশ সচেতন যুৱকে বিশেষভাৱে সহায়-সহযোগিতা আগবঢ়ায়। এশৰো অধিক পৰিয়ালে এই সাহায্য লাভ কৰে।বিধায়ক পদ্ম হাজৰিকাৰ এই মানৱদৰদী পদক্ষেপক সমগ্ৰ চতিয়া সমষ্টিবাসী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
- Log in to post comments
- 13 views