বঙাইগাঁৱৰ প্ৰতিবেদক:
অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো নাটনি হোৱা নাই আৰু নহয়।এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ দেওবাৰে বঙাইগাঁও চহৰত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা ছেনিটাইজেচন অভিযানত উপস্থিত থকা মন্ত্ৰীগৰাকীক
বৰ্তমান সময়ত যোগান বিভাগ ব্যৰ্থ হোৱা বুলি উঠা অভিযোগ সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে যোগান বিভাগ ব্যৰ্থ হৈছে বুলি কৈছে যদিও কোনটো ক্ষেত্ৰত কৈছে মই কথাটো বুজা নাই।কাৰণ, যোগান বিভাগৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ পৰে।এই সময়ত অসমত অত্যাৱশ্যকীয় সামগ্ৰী মজুত আছে আৰু ৰাইজে পাই আছে।কিন্তু কথা হ'ল 'লকডাউন'ৰ আগতে ৰাজ্যখনলৈ খাদ্য সামগ্ৰী আনোতে যিখিনি ট্ৰাক ভাড়া , মজুৰী লাগিছিল,বৰ্তমান সেই ক্ষেত্ৰত কিছু অসুবিধা হৈছে ৷ এতিয়া কিছুমান ফেক্টৰী বন্ধ হৈ গৈছে।আজি যেতিয়া ৰে'লযোগে য়াৰ্ডত চাউল ,ডাইলি আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আহে,তেতিয়া কেতিয়াবা কেতিয়াবা শ্ৰমিকৰ অভাৱত এই সামগ্ৰীসমূহ আনলোড কৰিব পৰা নাযায়।এনে কিছুমান সমস্যা হৈছে।কিন্তু,তথাপিতো আজিৰ দিনটোত আমি যোগান বিভাগে স্পষ্টকে কৈছোঁ যে যোগান বিভাগৰ খাদ্য সামগ্ৰীৰ কোনো নাটনি হোৱা নাই।তেওঁ লগতে কয় যে অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো নাটনি হোৱা নাই আৰু নহয়।ৰাইজে খাদ্য সামগ্ৰী নোপোৱা বুলি কৰা অভিযোগ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্য আৰু অসামৰিক যোগান বিভাগটোৰ অধীনত চাউল ,ডাইল,আটা,ময়দা,তেল, নিমখ আদি সামগ্ৰী আছে আৰু লকডাউনৰ আগৰে পৰা গেলামাল দোকানসমূহ খোলা আছে।গতিকে, গেলামাল দোকানত ৰাইজে আহি সামগ্ৰী পাইছে আৰু ক্ৰয় কৰিছে।আনহাতে,ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত প্ৰতিগৰাকী ব্যক্তিক পাঁচ কিলোকৈ চাউল দিয়া হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি অনুযায়ী এই সপ্তাহৰ শেষৰ ফালে পুনৰ অতিৰিক্তভাৱে পাঁচ কিলোকৈ চাউল হিতাধিকাৰীসকলক দিয়া হ'ব।সেইদৰে মূল্যবৃদ্ধি সম্পৰ্কত কয় যে আমাৰ অসমৰ তুলনাত আজিৰ দিনটোত যদি দিল্লী বা আন ৰাজ্যত চায়,তেতিয়াহ'লে হয়তো দেখিব যে তাত সামগ্ৰীৰ দাম বৃদ্ধি হৈছে ৷ তাদুপৰি,অসমখন উৎপাদনকাৰী ৰাজ্য নহয়। সেয়ে আমি সামগ্ৰীসমূহ বিভিন্ন ৰাজ্যৰ পৰা আনিবলগীয়া হৈছে।ডাইল আনিবলগীয়া হৈছে ৰাজস্থানৰ পৰা,চাউল আনিবলগীয়া হৈছে পঞ্জাবৰ পৰা,নাচিকৰ পৰা পিয়াঁজ আনিবলগীয়া হৈছে।গতিকে, যিহেতু আমি উৎপাদনকাৰী ৰাজ্য নহয় আৰু বাহিৰৰ পৰাহে সামগ্ৰীসমূহ আনিবলগীয়া হয়,সেয়ে আমাৰ কিছুমান সমস্যা হয় ৷ আগতেও হৈছিল,এতিয়াও হয় আৰু ভৱিষ্যতেও হ'ব ৷ কিবা বস্তু লাগিলেই আমি বাহিৰৰ পৰা আনিবলগীয়া হয়।সেয়ে কিছু দামৰ তাৰতম্য হ'ব।কিন্তু আমি ভাবো যে অন্যান্য ৰাজ্যৰ লগত যদি অসমৰ সামগ্ৰীৰ মূল্য তুলনা কৰি চোৱা যায়,তেতিয়াহ'লে দেখিব যে অসমত তেনে ধৰণৰ মূল্যবৃদ্ধি হোৱা নাই।
- Log in to post comments
- 31 views