মৃণাল ডেকা,শুৱালকুছি:
ক'ৰ'নাই ভাইৰাছ(ক'ভিড ১৯)ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ২১ দিনীয়া 'লকডাউন'ৰ ফলত দেশৰ জনজীৱন স্থবিৰ হৈ পৰিছে।এই লকডাউনৰ ফলত জনসাধাৰণ গৃহবন্দী৷ বন্ধ হৈ পৰিছে ব্যৱসায়- বাণিজ্য।তাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক-পাচলিৰ বিক্ৰীৰ বাবেও প্ৰশাসনে অনুমতি প্ৰদান কৰিছিল।শেহতীয়াকৈ , অসমত ক'ভিড-১৯ ৰোগী ধৰা পৰাত ৰাইজ আতংকিত হৈ পৰাত কামৰূপ জিলা দণ্ডধীশৰ কে এম জে ০১/২০২০/২০৬ (এ)মেম' নং নিৰ্দেশ অনুযায়ী ২ এপ্ৰিল তাৰিখৰ পৰা সমগ্ৰ কামৰূপ জিলাতে প্ৰযোজ্য হোৱাকৈ নিষিদ্ধ কৰা হৈছে পাচলি আৰু ফল-মূলৰ যাতায়ত আৰু বিক্ৰী।কামৰূপ জিলাত এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থকাৰ মাজতে যোৱা নিশা বস্ত্ৰ নগৰী শুৱালকুছিৰ মিনি বজাৰ ৰোডত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত শুৱালকুছি আৰক্ষীয়ে নিশা প্ৰায় ১ বজাত এ এচ ২৫ ডি চি ৭২৬৮ নম্বৰৰ এখন পাচলি ভৰ্তি মহেন্দ্ৰা পিক আপ ভানসহ আবু বক্কৰ ছিদ্দিক নামৰ গাড়ীচালকজনৰ সৈতে মিনিবজাৰ ৰোডত দৈনিক পাচলি ব্যৱসায় কৰা কৈলেশ হালৈ নামৰ ব্যৱসায়ীক আটক কৰি শুৱালকুছি আৰক্ষী থানালৈ নিয়ে।উল্লেখ্য যে মিনি বজাৰ ৰোডত নলবাৰী নিবাসী কৈলেশ হালৈ নামৰ এই যুৱকজনে শুৱালকু্ছিত ভাৰতীয়া হিচাপে থাকি দীৰ্ঘদিন ধৰি পাচলি ব্যৱসায় কৰি আহিছে।কিন্তু যোৱা নিশা প্ৰায় ১ মান বজাত উক্ত গাড়ীৰে দলগাঁৱৰ পৰা পাচলিখিনি আনি নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত নমাই থাকোতে স্থানীয় একাংশ সচেতন লোকে দেখা পাই শুৱালকুছি আৰক্ষীক খবৰ দিয়ে।ঘটনাস্থলীত শুৱালকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱকান্ত সাউদ উপস্থিত হৈ পাচলি নমাই থকা অৱস্থাত গাড়ীখন জব্দ কৰি গাড়ীসহ গাড়ীখনৰ চালক আবু বক্কৰ ছিদ্দিক আৰু পাচলি ব্যৱসায়ী কৈলেশ হালৈক থানালৈ লৈ যায় ৷ পাছত দেওবাৰে দুপৰীয়া প্ৰায় ২০ কুইন্টল পাচলি স্থানীয় একাংশ নাগৰিকৰ উপস্থিতিত আৰক্ষী থানাৰ চৌহদতে জ্বলাই দিয়ে।লকডাউনৰ আৰম্ভ হোৱাৰ পৰাই প্ৰশাসনে দিনেই -নিশাই টহল দি থকাৰ পাছতো শুৱালকুছিৰ মূল প্ৰৱেশদ্বাৰেৰে কেনেদৰে পাচলি সৰবৰাহকাৰী গাড়ীখন আহি পালে,সেয়া ডাঙৰ প্ৰশ্ন বুলি একাংশ সচেতন লোকে অভিযোগ কৰিছে।
- Log in to post comments
- 49 views