হাজোৰ পৰা কমলাকান্ত দাস:
বিগত বৰ্ষৰ প্ৰলয়ংকাৰী বানপানীৰ সময়ত হাজোৰ নকুছি নিৱাসী বন্যাৰ্তৰ বন্ধু,সমাজকৰ্মী,মানৱ দৰদী বনমালী শৰ্মাই হাজোবাসী ৰাইজক ৰক্ষা কৰিবলৈ নিজাববীয়া ঐকান্তিক প্ৰচেষ্টা আৰু গাঁঠিৰ ধনেৰে মেৰামতি কৰিছিল ভগ্ন মথাউৰি।যাৰ বাবে এটা নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিছিল হাজোৰ এটা বৃহৎ অঞ্চল।সেই সুনাম অব্যাহত ৰাখি দেশ তথা ৰাজ্যৰ সাম্প্ৰতিক বিপদৰ সময়ত "ক'ভিড-১৯" ক'ৰ'না মহামাৰীৰ সৈতে যুঁজ দিবলৈ বনমালী শৰ্মা আকৌ আৰ্তজন তথা চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। শৰ্মাই ৰাজ্যৰ ক'ৰ'নাৰ বিপক্ষে চলি থকা যুদ্ধখনৰ সহায়ক হোৱাকৈ অসম চৰকাৰক আগবঢ়াইছে ৩০ লাখ টকাৰ বৰঙণি।অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ হাতত তেওঁ অৰ্পণ কৰে ৩০ লাখ টকাৰ চেক। এনে এজন মানৱদৰদী তথা বিপদৰ বন্ধুক পাই আজি হাজোবাসী সঁচাকৈয়ে ধন্য। শৰ্মাৰ এনে মহান প্ৰচেষ্টাসমূহে সমগ্র অসমবাসীৰ লগতে গৌৰৱাম্বিত কৰি তুলিছে প্ৰত্যেকগৰাকী হাজোবাসীক। বনমালী শৰ্মাই এনেদৰে ধাৰাবাহিকভাৱে সমাজহিতকৰ কাৰ্য কৰি অহাৰ বাবে 'হাজোৰ খবৰ' সংবাদ গোষ্ঠীৰ তৰফৰ পৰা তেওঁক 'হাজোৰ গৌৰৱ-২০২০' শীৰ্ষক বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।ৰাজ্য তথা দেশৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতে 'হাজোৰ খবৰ' গোষ্ঠীয়ে এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শৰ্মাক এই বটা প্ৰদান কৰিব বুলি 'হাজোৰ খবৰ'ৰ সম্পাদক সঞ্জীৱ কুমাৰ ভৰালীয়ে জানিবলৈ দিছে।
- Log in to post comments
- 4 views