ক'ৰোনা আতংকৰ সময়তে গোলাঘাটত ৰন্ধন গেছৰ নাটনি

Gol

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
'আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল'-এই ফকৰাৰে অনুৰূপ হ'ল দেওবাৰে গোলাঘাট জিলাৰ ১৩ টাকৈ ৰন্ধন গেছ বিতৰণ কেন্দ্ৰ।সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বোচ্চ ক'ৰ'না পজিটিভ ৰোগী থকাক কেন্দ্ৰ কৰি গোলাঘাট জিলাত চৰম আতংক বিৰাজমান হৈ থকাৰ বাবেই আন সমস্যাৰ লগতে ৰন্ধন গেছৰ নাটনিয়ে দেখা দিছে জনসাধাৰণৰ মাজত। বুক কৰা চিলিণ্ডাৰ দিবলৈ কৰ্মচাৰী নাই বিতৰণ কেন্দ্ৰত। মালিকে বাৰম্বাৰ মাতিও আনিব পৰা নাই বিতৰকক। মৃত্যু আতংকই চাৰিওফালে ছানি ধৰাত গাওঁসমূহৰ মূল প্ৰৱেশদ্বাৰো বন্ধ কৰি দিয়াত ওলাই-সোমাই  আহিবলৈও মানুহৰ উপায় নোহোৱা হৈছে। মুঠ ১৩ টাকৈ বিতৰণ কেন্দ্ৰত মজুত থকা চিলিণ্ডাৰ একমাত্ৰ কৰ্মচাৰীৰ অভাৱতে পৰি ৰৈছে গুদামত।যদিও এলপিজি কোম্পানীয়ে কোম্পানীৰ অন্তৰ্গত যিকোনো কৰ্মচাৰীৰ ক'ৰ'না পজিটিভ পালে ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে,তথাপি মৃত্যুৰ ভয়ে খেদি ফুৰা কৰ্মচাৰীৰ বাবে যেন সেই ঘোষণা কেৱল ঘোষণা হৈয়ে ৰৈছে।তেনেক্ষেত্ৰত বিতৰণ কেন্দ্ৰৰ মালিকসকলৰ আহ্বান যে চৰকাৰী নীতি- নিৰ্দেশনা পালন কৰি সামাজিক দূৰত্ব বজাই ৰাখি সকলোৱে নিজৰ নিজৰ বিতৰণ কেন্দ্ৰৰ পৰা চিলিণ্ডাৰসমূহ নিব পাৰিব।

Your Comments