মহামাৰী ক'ৰ'নাক লৈ সৰ্বত্ৰে আতংকই বিৰাজ কৰি থকাৰ পিছতো একাংশ লোকৰ এতিয়াও গা লৰা পৰিলক্ষিত হোৱা নাই।লকডাউন চলি থকাৰ পিছতো দোকানত বহি মদৰ আড্ডা দিয়া,বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলাই অহাৰ লগতে একাংশই আকৌ চুলাই মদৰ ঘাটিত চুলাইৰ ব্যৱসায় চলাই আহিছে ৷ এই কাৰ্যই এতিয়া সকলোকে ভবাই তুলিছে।ইতিমধ্যে,বঙাইগাঁও জিলা প্ৰশাসনে এই বিষয়টোক অতি গুৰুত্বসহকাৰে লৈছে আৰু অভিযোগ পোৱাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিছে।ইফালে,জিলা প্ৰশাসনে ৰাইজৰ পৰা পোৱা অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিশা প্ৰায় ৮ঃ৩০ মান বজাত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ৰন্টু বড়োৰ নেতৃত্বত যোৱা দল এটাই বঙাইগাঁৱৰ জেল্কাঝাৰৰ এখন দোকানৰ ভিতৰত কেইবাজনো লোকে সুৰাপান কৰি থকা অৱস্থাত ধৰা পেলায় আৰু খেদি পঠিয়ায় ৷ লগতে সুৰা আদি নষ্ট কৰে ৷ প্ৰশাসনৰ তৰফৰ পৰা লোককেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।আনহাতে,বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ওচৰত এঘৰ লোকে চলাই থকা চুলাই মদৰ ঘাটীতো অভিযান চলায় দলটোৱে।দলটোৱে চুলাই মদৰ লগতে মদ প্ৰস্তুত কৰা সামগ্ৰী উদ্ধাৰ কৰি সেইবোৰ নষ্ট কৰে।কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়া মতে এই চুলাই মদৰ ব্যৱসায়ীৰ বিৰুদ্ধেও প্ৰশাসনে আইনী ব্যৱস্থা গ্ৰহণ কৰিব৷
- Log in to post comments
- 15 views