নৰেন শৰ্মা,বাহাৰঘাট:
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ তথা জিলা প্ৰশাসনৰ নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলাৰ বৰভাগৰ কোটালকুছিস্থিত শ্ৰীশ্ৰীজয় জগন্নাথ মন্দিৰৰ দুশ বছৰীয়া জয়ন্তী সাময়িকভাৱে স্থগিত ৰখা হৈছে।উল্লেখ্য যে ১৯ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা দুশ বছৰীয়া উৎসৱৰ লগতে অনুষ্ঠিত হ'ব লগা ১৯ সংখ্যক শতচণ্ডী যজ্ঞ পৰৱৰ্তী অহা ৫ এপ্ৰিলৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। বিশিষ্ট নাগৰিক উদ্ধৱ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে।
- Log in to post comments
- 19 views