বঙাইগাঁৱৰ প্ৰতিবেদক:
কোভিড-১৯ নভেল ক'ৰ'না ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বুুুধবাৰে বিয়লি ক'ৰ'না ভাইৰাছ সংক্ৰমণ ৰোধৰ সতৰ্কতামূলক ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিবলৈ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ সভাপতিত্বত জিলাখনৰ অন্তৰ্গত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।এই সভাত উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই উপস্থিত থকা সংশ্লিষ্ট বিভাগসমূহক জিলাখনৰ অন্তৰ্গত জনসাধাৰণৰ মাজত সতৰ্কতামূলক সচেতনতা সৃষ্টি কৰাৰ বাবে প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰা আৰু সংক্ৰমণ প্ৰতিৰোধ কৰা সম্পৰ্কত ৰাইজক সতৰ্কতামূলক ব্যবস্থা গ্ৰহণৰ বাবে যাৱতীয় পৰামৰ্শ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।এই সভাত উপস্থিত থকা বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , চক্ৰ বিষয়াসকল আৰু বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীক তেওঁলোকৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীৰ যোগেদি জিলাখনৰ যিসকল লোকে কৰ্মসূত্রে বহিঃৰাজ্যলৈ গৈ উভতি আহিব ধৰিছে আৰু ইতিমধ্যে কৰ্মসূত্রে বহিঃৰাজ্যৰ পৰা আহি জিলাখনত প্ৰৱেশ কৰিছে নেকি নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে চিকিৎসা পদ্ধতিৰ জৰিয়তে ক'ৰ'না ভাইৰাছৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ ব্যৱস্থা ল'বলৈ কোৱাৰ উপৰিও কয় যে বঙাইগাঁৱৰ নিউ বঙাইগাঁও জংচনৰ যাত্রী সকলক স্ক্ৰিনিঙৰ জৰিয়তে ভাইৰাছৰ বিস্তাৰ প্ৰতিৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।এই সভাৰ অন্তত উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়াই বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলক চৰকাৰে জাৰি কৰা প্ৰতিটো নিৰ্দেশ অনুসৰণ কৰিবলৈ আহবান জনায়।এই সভাত বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্তসকল,উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
- Log in to post comments
- 8 views