নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁঁও চহৰৰ বৰঘাট বাইপাছত যোৱা নিশা সংঘটিত ভয়ঙ্কৰ দুৰ্ঘটনাত এজন ড্ৰাইভাৰসহ সাতজন আৰক্ষীৰ লোক আহত হয়।জানিব পৰা মতে,মঙলবাৰে নিশা বৰঘাট বাইপাছৰ সমীপৰ ৰাজধানী ধাবাৰ ওচৰত নিৰাপত্তাৰ দায়িত্বত থকা ছয়জন আৰক্ষীৰ লোক এখন টাটা চুম' গাড়ীত ৰৈ থকা অৱস্থাত গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলত এ এচ -৩০-৭৮৪৪ নম্বৰৰ টাটা চুম'খন ৩০ মিটাৰ দূৰত্বত চিটিকি পৰে।ঘটনা সংঘটিত কৰি ট্ৰাকখন লগে লগে ঘটনাস্থলীৰ পৰা তীব্ৰ বেগে পলায়ন কৰে। দুৰ্ঘটনাটোত বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত সঞ্জীৱ সিনহা, আৰক্ষী কনিষ্টবল ক্ৰমে নিপু ডেকা ৰজা, কল্যাণ দিহিঙ্গীয়া,ৰাকেশ বৰদলৈ, প্ৰফুল্ল বৰা,বকুল বৰদলৈ আৰু গাড়ী চালক ভোলা কলিতা আহত হয়।ইয়াৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ সিনহা আৰু কনিষ্টবল বকুল বৰদলৈৰ গুৰুতৰভাৱে আহত হয়। দুয়োকে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে।আনহাতে, আহতসকলক বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি চিকিৎসা কৰি থকা হৈছে।উল্লেখ্য যে বৰঘাট বাইপাচ এলেকাত একাংশ ট্ৰাক চালকে আৰক্ষীয়ে ছিগনেল দিলেও গাড়ী নৰখাৰ অভিযোগ দীৰ্ঘদিনীয়া।এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বৰঘাট বাইপাচ এলেকাত ট্ৰাকৰ দৌৰাত্ম্য বৃদ্ধি পাইছে।
- Log in to post comments
- 117 views