শিৱসাগৰৰ পৰা কল্যাণ জ্যোতি বুঢ়াগোহাঁই:
হানিট্ৰেপিঙৰ জড়িয়তে উজনি অসমত সন্ত্ৰাস সৃষ্টি কৰি থকা অন্যতম মাষ্টাৰমাইণ্ড আছমিন বেগম ওৰফে চাবিনাক সোমবাৰে নিশা যোৰহাট আৰক্ষীয়ে আটক কৰে।যোৰহাটৰ জে'ল ৰোডৰ এটা ভাড়াঘৰৰ পৰা যোৰহাট আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীত টিয়ক চাহ বাগিচাৰ এগৰাকী ব্যক্তিৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈ থকা ১৬১/২০২০ নম্বৰৰ গোচৰৰ ভিত্তিত আছমিন বেগম ওৰফে চাবিনাক গ্ৰেপ্তাৰ কৰে। সোমবাৰে নিশাই মহিলাগৰাকীক যোৰহাট আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে। ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখে আছমিন ওৰফে চাবিনাৰ অন্যতম তিনি সহযোগী চৰিফুল আলী,নাছিম আলী আৰু মাৰ্জিনা বেগমক আৰক্ষীয়ে আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল যদিও, সেই সময়ত আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল আছমিন ওৰফে চাবিনা। মহিলাগৰাকীৰ স্বামীয়ো হানি ট্ৰেপিঙৰ বাবে ইতিমধ্যে গ্ৰেপ্তাৰ হৈ শিৱসাগৰ কাৰাগাৰত বন্দী । আৰক্ষীয়ে চাবিনাক মঙলবাৰে শিৱসাগৰ আদালতত হাজিৰ কৰাই।আদালতে চাবিনাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।বিগত কেইবাবছৰ ধৰি উজনিত গা কৰি উঠা এটা বৃহৎ হানি ট্ৰেপিং চক্ৰৰ লগত জড়িত চাবিনা।
- Log in to post comments
- 48 views