ক'ৰ'না ভাইৰাছ সম্পৰ্কীয় সতৰ্কতা আৰু সজাগতা:মৰিগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সজাগতামূলক কাৰ্যসূচী

Pic

মৰিগাঁৱৰ পৰা জিতু মণি নাথ :

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্বজুৰি সৃষ্টি হৈ থকা আতংকময় পৰিস্থিতিৰ মাজতে মঙলবাৰে মৰিগাঁও জিলাৰ একাংশ শিক্ষানুষ্ঠানে সজাগতা সন্দৰ্ভত কাৰ্যসূচী গ্ৰহণ কৰে।মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ শিক্ষানুষ্ঠান চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখামণি গোহাঁইৰ নেতৃত্বত বৃহত্তৰ চৰাইবাহী অঞ্চলত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কেইবাটাও ভাগত বিভক্ত হৈ ছাত্ৰ-ছাত্ৰী অভিভাৱকসকলক সাক্ষাৎ কৰি সজাগতা সন্দৰ্ভত গোহাৰি-পত্ৰ বিতৰণ কৰাৰ লগতে পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে চাবোন,ডেটল আদি বিতৰণ কৰে।বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দলকেইটাই চন্দ্ৰপুৰ বজাৰ অঞ্চল,নিজ চৰাইবাহী,বড়িগাঁও,লুঙামুখ,আহোম গাঁও আদি অঞ্চলসমূহত এই কাৰ্যসূচী গ্ৰহণ কৰে।ইফালে,বঘৰা মজলীয়া বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও বঘৰা অঞ্চলত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যালয়খনৰ সহ:শিক্ষক ভৱজ্যোতি নাথে জানিবলৈ দিয়া মতে বঘৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সাক্ষাৎ কৰি কৰ'না ভাইৰাছৰ সন্দৰ্ভত ল'বলগীয়া সতৰ্কতা আৰু সজাগতাৰ বাবে ল'বলগীয়া সাৱধানতা বিষয়ে অৱগত কৰে। জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও ৰূপায়ণ কৰে সজাগতামূলক কাৰ্যসূচী। বিষয় শিক্ষক ৰাজুমনি শইকীয়াই জানিবলৈ দিয়া মতে জাগীভকতগাঁও অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ৰূপায়ণ কৰা হয় এই পদক্ষেপ।একেদৰে কৰ'না ভাইৰাছৰ সন্দৰ্ভত লবলগীয়া সাৱধানতা আৰু সজাগতা সন্দৰ্ভত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বিষয়ে জনা গৈছে।

Your Comments