সোণাৰিৰ পৰা ঘন বৰা:
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে দেওবাৰে চাহ জনজাতি কল্যাণ বিভাগৰ দ্বাৰা ১৫ লাখ টকা পুঁজিৰে নিৰ্মাণ হোৱা চৰাইদেউ জিলাৰ ভূঞাখাট চাহ বাগিছাৰ নৱনিৰ্মিত 'মুক্তিযোদ্ধা মালতী ওৰাং প্ৰেক্ষাগৃহ' উদ্বোধন কৰে।আনহাতে, সাংসদগৰাকীয়ে একেদিনাই ১০ লাখ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া ভূঞাখাট গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰো আধাৰশিলা স্থাপন কৰে।ইয়াৰ বিপৰীতে স্থানীয় বৰহাট ক্লাব ফিল্ডত সাংসদগৰাকীয়ে প্ৰেক্ষাগৃহৰ ভূমি পূজন অনুষ্ঠানতো অংশগ্ৰহণ কৰে।চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বড়া, শএ পি ডি চি এলৰ বৰ্ড অব ডাইৰেক্টৰ অনুপ সিং ৰাজপুৰুহিত, জনসংযোগ বিষয়া জয়ন্ত মাউত, সমাজকৰ্মী তিলক নেওগ, লক্ষ্মীনাথ তাছা,কাজল দে',দিলীপ কোঁৱৰ আদিকে ধৰি চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ গণ্যমান্য ব্যক্তিসকল।
- Log in to post comments
- 11 views