মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
চীনত মহামাৰীৰ ৰূপ লোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা প্ৰশাসনে বৃহৎ জনসমাগমৰ ক্ষেত্ৰত সকলো জনসাধাৰণকে সতৰ্ক আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে বাতৰিকাকত,ৰেডিঅ',টেলিভিছন,ছ'চিয়েল মিডিয়াৰ জৰিয়তে ক'ৰ'না ভাইৰাছ সন্দৰ্ভত ৰাইজক সজাগতা কৰাৰ লগতে এইক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহৰ বিষয়ে অৱগত কৰি আহিছে।ইয়াৰ মাজতে শনিবাৰে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,অতিৰিক্ত উপায়ুক্ত ডা: তহিদুৰ ৰহমান,ৰুমী বৰুৱা,জিলা প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈ,যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃৰোহিণী বৰকটকী,জিলা সমাজ কল্যাণ বিষয়া দেৱজিত বৰা,এন আৰ এইচ এমৰ ডিপিএম জুফিন চুলতানা আদি কৰি জিলাখনৰ প্ৰায়সকল বিভাগীয় মুৰব্বী বিষয়াই অংশগ্ৰহণ কৰা সভাখনত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই জিলাবাসীক আতংকগ্ৰস্থ নহৈ এই ক্ষেত্ৰত সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও যিকোনো ব্যক্তিৰ শৰীৰত এই ৰোগৰ নিৰ্দিষ্ট লক্ষণ দেখিলে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা আই ডি এছ পি কোষৰ লগত যোগাযোগ স্থাপন কৰি যাৱতীয় চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।ইফালে,সম্ভাব্য পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসন সাজু হৈ থকা বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে কয় যে মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসকৰ ব্যৱস্থা কৰাৰ লগতে জাগীৰোড ৰেল ষ্টেচন আৰু ন-খোলা মডেল স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে।তদুপৰি জিলাখনত হ'ব পৰা যিকোনো বৃহৎ সভা-সমিতিৰ লগতে জনসমাগমৰ পৰা ৰাইজক বিৰত থাকিবলৈ জিলা উপায়ুক্তই সকলো নাগৰিকৰ প্ৰতি আহ্বান জনাইছে।
- Log in to post comments
- 93 views