হাজোৰ পৰা কমলাকান্ত দাস:
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত উদ্যান বিজ্ঞান মহাবিদ্যালয়ৰ স্নাতক চুড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ গ্ৰাম্য কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত আৰু উদ্যান শস্য গৱেষণা কেন্দ্ৰ,কাঁঁহিকুছিৰ তত্বাৱধানত শুকুৰবাৰে হাজোৰ ক্ষুদ্ৰদধি পাটোৱাৰী চুবা নামঘৰ প্ৰাঙ্গণত মাদক দ্ৰব্য আৰু ধপাঁঁতমুক্ত সমাজ গঢ়াৰ সংকল্পৰে আৰু "ক'ৰ'না ভাইৰাছ" সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰাজেন মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষি বিজ্ঞানী ড°সমীৰণ পাঠক,অঞ্জন বৰা,পাঁঁচগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কনক শৰ্মা,কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী ৰীতা তালুকদাৰ,কূলহাটী গাঁঁও পঞ্চায়তৰ সভানেত্ৰী পদুমী দাসে সমাজত ব্যাধি হিচাপে চিহ্নিত মাদক দ্ৰব্য আৰু এখন ধপাঁঁতমুক্ত সমাজ কিদৰে গঢ়িব পাৰি বহলাই বাখ্যা কৰাৰ লগতে এই মাদক দ্ৰব্যক সমাজৰ পৰা চিৰদিনৰ বাবে নিৰ্মুল কৰি কেনেদৰে সমাজখনক আগুৱাই নিব পাৰি চিন্তা কৰা উচিত বুলি মন্তব্য কৰে।এই ক্ষেত্ৰত ৰাইজে আগবাঢ়ি আহিলে কৰিব নোৱাৰা একো নাই বুলি ভাষণ প্ৰসঙ্গত তেওঁঁলোকে উল্লেখ কৰে।ইয়াৰ পূৰ্বে গছপুলি ৰোপণ আৰু মাদক দ্ৰব্য নিৰ্মুল কৰাৰ বাবে ক্ষুদ্ৰদধি অঞ্চলত শোভাযাত্ৰায়ো উলিয়ায়।সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই "ল'টাচ"গ্ৰুপৰ ছাত্ৰ বিশ্বজিত দাসে।সভাত অঞ্চলটোৰ প্ৰায় শতাধিক যুৱক,পুৰুষ-মহিলা উপস্থিত থাকে।
- Log in to post comments
- 49 views