হাজাৰ পৰা কমলাকান্ত দাস: কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদধি শ্ৰীশ্ৰী শংকৰদেৱ সনাতন গঁঞা সত্ৰৰ নতুন সত্ৰাধিকাৰৰ অভিষেক অনুষ্ঠানটি বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে সত্ৰ প্ৰাঙ্গণত অনুষ্ঠিত হৈ যায়।সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৰদধিবাসী ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠিত সত্ৰাধিকাৰৰ অভিষেক অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে সত্ৰৰ সভাপতি ৰঞ্জিত মালাকাৰে আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে মতিৰাম কলিতা,মুহিৰাম মালাকাৰ,যোগেশ্বৰ মালাকাৰ,হংস কলিতা,হৰেণ কলিতা,বসন্ত দাস,পদ্মৰাম মালাকাৰ,কেশৱ মালাকাৰ আৰু ভাৰত কলিতাই।পুৱা ৯ বজাত ভাগৱত শোভাযাত্ৰা উদ্ধোধন কৰে অসম আৰক্ষীৰ (গৃহ বিভাগ)পৰিচালন সঞ্চালক অৰৱিন্দ কলিতাই।দহ বজাত নাম প্ৰসঙ্গৰে নতুন সত্ৰাধিকাৰ চন্দ্ৰকান্ত দাসে সত্ৰত প্ৰৱেশ কৰে আৰু বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ নৱজ্যোতি দাসে(পাঠক)সম্পূৰ্ণ ধৰ্মীয় ৰীতি -নীতিৰে সত্ৰাধিকাৰৰ দায়িত্ব ভাৰ অৰ্পণ কৰে।দিনৰ এঘাৰ বজাৰ পৰা নাম-প্ৰসঙ্গৰ পাছত সমূহীয়া সেৱা আৰু প্ৰসাদ বিতৰণ হয়।সন্ধিয়া ছয় বজাৰ পৰা দিহা নাম আৰু থিয়নাম পৰিৱেশনেৰে নতুন সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানৰ সামৰণি পৰে।উল্লেখ্য যে বৰদধি শ্ৰীশ্ৰী শংকৰদেৱ সনাতন গঁঞা সত্ৰখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আৰু আদৰ্শ সাৰোগত কৰি বিগত প্ৰায় এশৰো অধিক বছৰ ধৰি সমাজখনক একতা আৰু শান্তিৰ ডোলেৰে বান্ধি আগবঢ়াই নিছে।সত্ৰীয়া কৃষ্টি-ৰীতি তথা থলুৱা গীত-বাদ্যৰে সমাজখনক উন্নতিৰ পথত আগবঢ়াই নিয়াত এই সত্ৰখনে সৰ্বতোপ্ৰকাৰেৰে অৰিহণা যোগাই আহিছে।
- Log in to post comments
- 46 views