হাজোৰ পৰা কমলাকান্ত দাস:
অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আৰু উদ্যান শস্য গৱেষনা কেন্দ্ৰ কাঁঁহিকুছিৰ তত্বাৱধানত আৰু জেচমিন ছাত্ৰী গোটৰ উদ্যোগত তথা গ্ৰাম্য কৃষিকাৰ্য্য অভিজ্ঞতা আঁঁচনিৰ জৰিয়তে হাজোৰ বৰদধিত যোৱা ৫ মাৰ্চত এটা কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ মুকলি কৰা হয়।এই উদেশ্য বৰদধিৰ মণিকূট সভাস্হলীত দিনৰ ১০ বজাত এখন সভা অনুষ্ঠিত কৰা হয়।সভাত কাঁঁহিকুছি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডঃ সমীৰণ পাঠক,অৱসৰপ্ৰাপ্ত শিক্ষক হৰেন্দ্ৰ কলিতা,আঞ্চলিক সদস্য পৰেশ দাসে কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী গোটটোৱে অঞ্চলটোৰ কৃষকসকলৰ বাবে আগবঢ়োৱা এনে কাৰ্য নিতান্তই প্ৰশংসনীয় বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা গাঁওখনৰ কৃষকসকল যথেষ্ট উপকৃত হ'ব বুলি কয়।ইযাৰ পিছতে কুলহাটী পাচগাওৰ সভানেত্ৰী পদুমী দাসে যুবক সংঘৰ বাকৰিত স্হাপন কৰা কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে।এই কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰটোত ছাত্ৰী গোটৰ সদস্যা ক্ৰমে ঈশানী বৰগোহাঁঁই,অনুসূয়া বৰদলৈ,পূজা ভৰদ্বাজ,নেহা দাস,জেনিতা পাইঙগেইজম,লালবোবাট ছাইহি চাইলে কৃষি কাৰ্যৰ বিভিন্ন ধৰণৰ পদ্ধতি তথা পৰামৰ্শ আগবঢ়ায়।
- Log in to post comments
- 51 views