অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী ছাইফুদ্দিন আহমেদৰ মৃত্যু:হাজোত দল-সংগঠনৰ শোক প্ৰকাশ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো সমষ্টিৰ বৰ্নি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক তথা অনাতাঁৰ আৰু দূৰদৰ্শন শিল্পী ছাইফুদ্দিন আহমেদৰ মঙলবাৰে সন্ধিয়া আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁঁ পেলাইছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯ বছৰ । প্ৰয়াত আহমেদে গুৱাহাটী  অনাতাঁৰ কেন্দ্ৰত গোৱালপৰীয়া লোকগীত,জিকিৰ,কামৰূপীয়া লোকগীত আদি  পৰিবেশন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।অসম সাহিত্য সভাৰ সৰ্থেবাৰী আৰু বোকাখাত অধিবেশনতো গীত পৰিবেশন কৰি সাহিত্য প্ৰেমী তথা দৰ্শক ৰাইজৰ জাউৰিয়ে - জাউৰিয়ে হাত চাপৰি আদায় কৰিবলৈ সক্ষম হৈছিল।তেওঁৰ চাকৰিৰ কাৰ্যকাল ২০২১ চনত অন্ত পৰাৰ প্ৰাকমুহূৰ্তত হঠাৎ হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হৈ মঙলবাৰে ইহলীলা সম্বৰণ কৰে ।তেওঁৰ মৃত্যুৰ বাতৰি চৌদিশে বিয়পি  পৰাত তেওঁৰ বাসগৃহত অনেক গুণমুগ্ধই ভিৰ কৰেহি।তেওঁৰ মৃত্যুত বৰ্নি হাইস্কুল,হাজোৰ শিল্পী সমাজ,বৰছলি সাহিত্য সভাৰ সম্পাদক মেছেৰ আলী,হাজো সাংবাদিক সন্থা,প্ৰাক্তন সমবায় মন্ত্ৰী নুৰুল হুছেইন,উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সম্পাদক আদিল আহমেদ,বৰ্নি গাওঁ পঞ্চায়তৰ সভাপতি নুৰ মহম্মদ,বৰ্নি হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি আব্দুল গনি খান চৌধুৰী,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে আৰু বিদেহী আত্মাৰ  চিৰ শান্তি কামনা কৰে।তেওঁ বৰ্নি ইছলামীয়া মাদ্ৰাছাৰ সদস্য,বৰ্নি সংগীত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ,দুগৰাকী কন্যা আৰু অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।বুধবাৰে দুপৰীয়া বৰ্নি কবৰস্তানত জানাজা নামাজ সম্পন্ন কৰা হয়।

Your Comments