হোজাইত নাই ক'ৰ'নাত সংক্ৰমিত লোকঃতিনিজন লোকক আচুতীয়াকৈ ৰখা হৈছে-ডাঃ দেৱজিৎ চেতিয়া ফুকন

Pic

ডবকাৰ প্ৰতিবেদক: 

হোজাই জিলাত নাই কৰণা ভাইৰাছত আক্ৰান্ত লোক।কাৰো গাত নাই সংক্ৰমণৰ লক্ষণ ৷ অৱশ্যে জিলাখনৰ তিনিজন লোকক বিশেষ আচুতীয়া কক্ষত ৰাখি পৰীক্ষা কৰা হৈছে।এই মন্তব্য মহকুমা স্বাস্থ্য বিষয়া ডাঃ দেৱজিৎ চেতিয়া ফুকনৰ ৷ ফুকনৰ মতে, কৰণাক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই ৷ আমাৰ কিছু সাৱধানতাই এই ৰোগ দমন কৰিব পাৰে বুলিও হোজাই মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ ৷ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰণা ভাইৰাছৰ ওপৰত বুধবাৰে ডবকা হাজী আনফৰ আলী কলেজত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।কলেজখনৰ কমিউনিটি ডেভেলপমেন্ট চেলৰ উদ্যোগত আৰু ডবকাৰ সামাজিক সংস্থা নৰ্থ ইষ্ট ৰুৰেল ৱেলফেয়াৰ চ'ছাইটিৰ পৃষ্ঠপোষকতাত এই সভাখন আয়োজন কৰা হয়।কলেজৰ অধ্যক্ষ ডঃ মামুন আজম বৰভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত আদৰণি বক্তব্য আগবঢ়ায় কলেজখনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ নজৰুল হক বৰভূঞাই ৷ সভাখনত অতিথিক আদৰে নৰ্থ ইষ্ট ৰুৰেল ৱেলফেয়াৰ চছাইটিৰ উপদেষ্টা আব্দুৰ ৰহমানে ৷ সভাখনত হোজাই মহকুমা স্বাস্থ্য বিষয়া ডঃ দেৱজিৎ চেতিয়া ফুকনে মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাৰাত্মক কৰণা ভাইৰাচৰ ওপৰত ল'বলগীয়া সাৱধানতা সম্পৰ্কে বিতংকৈ ব্যাখ্যা কৰে ৷ ডঃ চেতিয়াৰ মতে, হোজাই জিলাৰ তিনিজন লোক কৰণা আক্ৰান্ত দেশ ভ্ৰমণ কৰি স্বদেশলৈ উভতি অহা এনে তিনিজন লোকক সতৰ্কতামূলক নিজৰ ঘৰত আচুতীয়া কক্ষত ৰাখি নিৰীক্ষণ চলাই থকা হৈছে ৷ তেওঁলোকৰ শৰীৰত কৰণাৰ কোনে লক্ষণ নাই ৷ কিন্তু তেওঁলোকক নিৰীক্ষণত ৰখা হৈছে বুলিও সদৰি কৰে মহকুমা স্বাস্থ্য বিষয়া গৰাকীয়ে ৷ এইসকল লোকক কেন্দ্ৰ কৰি সংবাদ মাধ্যমে অতিৰঞ্জিত খবৰ প্ৰকাশ কৰা বুলিও স্বাস্থ্য বিষয়া গৰাকীয়ে খেদ প্ৰকাশ কৰে ৷ স্বাস্থ্য বিষয়া গৰাকীয়ে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধানতা, মানুহৰ সমাগমলৈ যোৱাত সাৱধানতা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত সজাগ থাকিবলৈ আহ্বান জনায় ৷ সভাখনত সোনাই বিবি কলেজ, উদালীৰ অধ্যক্ষ নুৰুল ইছলাম লস্কৰ, ডবকা বি আৰ আম্বেদকাৰ হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল জলিল পাটোৱাৰী, ডবকা সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাঃ ইচাহাক আলীয়ে কৰণা ভাইৰাচৰ ওপৰত বক্তব্য দাঙি ধৰে ৷ ইয়াতে উল্লেখ কৰা প্ৰযোজন যে আজিৰ দিনত সমগ্ৰ বিশ্বত কৰণা ভায়ৰাছত আক্ৰান্ত মানুহৰ সংখ্যা ১ লাখ ১ হাজাৰ ৯৮৮ জন ৷ বিশ্বৰ ৯৪খন দেশৰ ৩৪৯১ জন লোকে এই মাৰাত্মক কৰণাত প্ৰাণ হেৰুৱাইছে।৮০৬৫১ জন লোক এই ৰোগত আক্ৰান্ত হৈছে।এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে।তথাপিও এই ৰোগক লৈ আতংকিত হোৱাৰ কাৰণ নাই।মানুহৰ সাৱধানতাই এই ৰোগক পৰাজিত কৰিব পাৰে।

Your Comments