নৰেন শৰ্মা,বাহাৰঘাট:
যিখন চৰকাৰে নিজৰ মাতৃক আনৰ ওচৰত বিক্ৰী কৰিব পাৰে,সেই চৰকাৰক অসমৰ মানুহে কেতিয়াও ক্ষমা নকৰে।এই মন্তব্য বিশিষ্ট সাংবাদিক তথা 'কা' বিৰোধী আন্দোলনৰ নেতা মনজিৎ মহন্তৰ। বুধবাৰে আবেলি স্থানীয় একাংশ সচেতন নাগৰিকৰ উদ্যোগত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সমীপৰ বড়িগাঁঁৱত অনুষ্ঠিত জনতাৰ সমাৱেশত উপস্থিত থাকি মহন্তই পুনৰ কয় যে 'কা' বিৰোধী আন্দোলন এতিয়া চহৰত সীমাবদ্ধ নাই।এই আন্দোলন গাঁঁৱে-গাঁঁৱে বিয়পিছে।সেয়ে চৰকাৰ শংকিত হৈ 'কা' বিৰোধী স্থান পুলিচ মিলিটেৰীৰে ভৰাই তোলে।ভাষন প্ৰসংগত তেওঁ পুনৰ কয় যে অখিল গগৈৰ লগত বহুতৰ মতাদৰ্শৰ অমিল থাকিব পাৰে, কিন্তু তেওঁ অসমৰ হৈ তেওঁ মাত মাতিছে। চৰকাৰৰ স্বেচ্ছাচাৰী নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই সম্প্ৰতি তেওঁঁক কাৰাগাৰত ভৰাই হত্যাৰ ষড়যন্ত্ৰ ৰচিছে।ভয়ানক ৰোগত আক্ৰান্ত হোৱাৰ পিছতো উন্নত চিকিৎসাৰ ব্যাৱস্থা কৰা নাই।সৰ্বা- হিমন্তৰ এনে স্বৈৰাচাৰীতন্ত্ৰ নচলিব বুলি উল্লেখ কৰি তেওঁ মন্ত্ৰী-বিধায়কৰ সামান্য খহু এটা উঠিলেই চেন্নাইলৈ দৌৰ মাৰে বুলিও কটাক্ষ কৰে। তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দমন-নীতি বন্ধ কৰা, অখিল গগৈৰ মুক্তিৰ লগতে তাৎক্ষণিকভাৱে উন্নত চিকিৎসা প্ৰদান আৰু কা বিৰোধী আন্দোলনৰ কাৰাবন্দীসকলক শীঘ্ৰে মুক্তিৰ দাবীত অনুষ্ঠিত জনতাৰ সমাৱেশত শেষ বিন্দু তেজ থকালৈকে ইয়াৰ বিৰুদ্ধে অসমীয়াই যুঁঁজি যাব বুলি তেওঁ হুংকাৰ দিয়ে। বিশিষ্ট সমাজকৰ্মী ৰমেশ পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সমাবেশত জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে অংশগ্ৰহণ কৰি কয় যে অসমৰ জনতাই শান্তিপূৰ্ণভাৱে ৰাজপথত নামিছে যদিও ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমখনক ভাগ-ভাগ কৰি সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় দি ৰাজ্যখন অশান্তজৰ্জৰ কৰিছে।সমাজকৰ্মী ৰাছেল হুছেইনে উদ্দ্যেশ্য বাখ্যা কৰা সমাৱেশখনত বিশিষ্ট নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতাই কয় -'বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰই এতিয়া গণতন্ত্ৰ।তেওঁ কয় যে এতিয়া নাটক,সাহিত্য সৃষ্টিতো চৰকাৰৰ বিৰূদ্ধে একো কথা থাকিব নোৱাৰিব।মানুহৰ অধিকাৰৰ কথা বিশ্লেষণ কৰি তেওঁ পুনৰ কয় যে অখিলৰ সংগ্ৰামী সত্বাক কোনেও ধ্বংস কৰিব নোৱাৰে স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হোৱা সভাৱেশখনত কেইবাশ লোকে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 19 views