অখিল গগৈক মুক্তিৰ দাবীত কলিয়াবৰত অৱস্থান ধৰ্মঘট

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰ 'কা' বিৰোধী গণ প্ৰতিবাদী মঞ্চৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি 'কা' বিৰোধী সংগ্ৰামৰ সকলো নেতাকে অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবীত কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।প্ৰায় শতাধিক লোক উপস্থিত থকা সভাখনত প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকা,নগাঁও সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লস্কৰ,কলিয়াবৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক পুষ্পেন্দ্ৰ শইকীয়া, সমাজকৰ্মী প্ৰশান্ত শইকীয়া,প্ৰদীপ বৰুৱা, শ্ৰমিক নেতা দিতুমনি গগৈ,ৰবীন বুঢ়াগোঁহাই,চক্ৰ হাজৰিকাকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে প্ৰতিবাদস্থলীত বক্তব্য প্ৰদান কৰে।'কা' বাতিল,অখিল গগৈকে ধৰি 'কা' বিৰোধী সংগ্ৰামৰ সকলো নেতাকে অতি শীঘ্ৰে মুকলি কৰি দিয়া,'কা' বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰা সকলো নেতা-কৰ্মীৰ ওপৰত দমনমূলক নীতি বন্ধ কৰা,'কা' বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত নিহত হোৱাসকললৈ ২০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ দাবী জনাই প্ৰতিবাদস্থলীত উপস্থিত হোৱা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগক অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰ 'কা' বিৰোধী গণ প্ৰতিবাদী মঞ্চৰ সভাপতি নৰেন হাজৰিকাই প্ৰদান কৰে।

Your Comments