ৰাজীৱ পাতিৰ, মাজুলী:
সপ্তম মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মিচিং ভাষাৰে জনতাক সম্ভাষণ জনাই মিচিং যুৱ মহোৎসৱৰ শৃংখলাবদ্ধতাক উচ্চ প্ৰশংসা কৰি মাজুলীত প্ৰতিষ্ঠা হ'ব লগা সাংস্কৃতিক প্ৰকল্পৰ বাবে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়- সপ্তম মিচিং যুৱ মহোৎসৱৰ কাৰ্যসূচীৰে চহা গ্ৰাম্য জীৱনক উজ্জীৱিত ৰূপত প্ৰদৰ্শন কৰা কাৰ্য্যই মোক আৱেগিক কৰি তুলিছে। মিচিং সমাজ অত্যন্ত কৰ্ম উদ্যোগী।যিটো জাতিত জন্মগ্ৰহণ কৰা ক্ৰমে স্বনামধন্য বক্তি ক্ৰমে কমলা মিলি,বিক্ৰম সিং য়েইন টাবুৰাম টাইদ,তৰুণ চন্দ্ৰ পামেগাম, মৃনাল মিৰি আদিৰ দৰে বৰেণ্য বক্তি জন্ম হৈছে।লগতে পুনৰ কয়- যুৱসকল শিক্ষা, ক্ৰীড়া,সাংস্কৃতিক, কৃষি আদি সকলো দিশত আগবাঢ়িলে বিশ্ব জয় কৰিব পাৰে, এই যোগ্যতা,দক্ষতা মিচিং যুৱ সমাজৰ আছে । মিচিং জনজীৱনৰ নিত্য সামগ্ৰী,বিভিন্ন কৃষি সজুলি বাঁহেৰে নিৰ্মাণ কৰি মহোৎসৱৰ বাকৰিত সজোৱাই যি ব্যতিক্ৰমী পদক্ষেপ সপ্তম মিচিং মহোৎসৱ সমিতিয়ে গ্ৰহণ কৰিছে তাৰবাবে মুখ্যমন্ত্ৰীয়ে তেওঁৰ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন জনোৱাৰ কথা প্ৰকাশ কৰে।কঠোৰ পৰিশ্ৰম দ্বাৰাহে সকলো অসম্ভৱ কাম সম্ভৱ কৰিব পাৰে । অসমৰ সকলো জাতি- জনগোষ্ঠীৰ উন্নয়নৰ বাবে এই বিজেপি নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰখনে বিগত চাৰি বছৰীয়া কাৰ্যকালত কাম কৰা বুলি উল্লেখ কৰি কয় - খিলঞ্জীয়া লোকৰ মাটি পট্ৰাৰ বাবে এই চৰকাৰে কাম কৰিছে।ভাষা-গৌৰৱ আঁচনি জৰিয়তে মিচিং ভাষা উন্নয়নৰ বাবে প্ৰায় তিনি কোটি টকা ইতিমধ্যে আবন্টন দিছে ।মুম্বাইৰ যশস্বী শিল্পী উষা মংগেশ্বকাৰৰ অংশগ্ৰহণ কৰা এই মহোৎসৱৰ লক্ষ্য হৈছে সমন্বয় সৃষ্টি কৰা।ইয়াৰ পৰা সকলোৱে আদৰ্শগত কথা শিক্ষা লৈ মহোৎসৱথলীৰ পৰা উভতি গৈছে। সদায় এই সমাজ উজ্জীৱিত হৈ থাকিব আৰু এনেকৈয়ে অসম আগুৱাই নিব লাগিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোনোৱালে। এই অনুষ্ঠানৰ অন্যতম বিশেষ অতিথি মুম্বাইৰ যশস্বী স্বনামধন্য শিল্পী উষা মংগেশ্বকাৰে সপ্তম মিচিং যুৱ মহোৎসৱ অতি সুন্দৰকৈ আয়োজন দেখি অভিভূত হোৱা বুলি প্ৰকাশ কৰে । অসমৰ সৈতে তেওঁৰ সম্পৰ্ক অতি আপোন।সেইকাৰণে মিচিং যুৱ মহোৎসৱ উদযাপন সমিতিৰ আমন্ত্ৰণ লাভ কৰিয়েই সহাঁৰি দিয়াৰ কথা প্ৰকাশ কৰে বৰেণ্য শিল্পীগৰাকীয়ে।ইয়াৰ পিছত দুটি গীত পৰিৱেশন কৰি লাখ লাখ দৰ্শকৰ মন অসম দেশৰ বাগিচাৰে,মন তাহিনিৰ চামেলী মেমচাব বোলছবিৰ দিনলৈ মনত পেলাই দি নষ্টালজিয়া কৰি তোলে সকলোকে । আন এগৰাকী শিল্পী অসমৰ বিশিষ্ট শিল্পী সমৰ হাজৰিকাইয়ো গীত পৰিৱেশন কৰে। উল্লেখ্য যে এক আদৰ্শগত তথা ব্যক্তিক্ৰমী বৰ্ণিল কাৰ্যসূচীৰে এক অন্যন্য পৰিৱেশৰ মাজত সফল সমাপ্তি ঘটিল সপ্তম মিচিং যুৱ মহোৎসৱৰ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী । সকলোৰে সাক্ষী হৈ ৰ'ল মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰ । শদিয়াৰ পৰা জীয়াভৰলীলৈ আৰু মিংমাগৰ পৰা বোকাখাতলৈ সমগ্ৰ মিচিং অধুষিত অঞ্চলৰ পৰা অহা লাখে লাখে জনতাৰ অভূতপূৰ্ব উপস্থিতিয়ে সপ্তম মিচিং যুৱ মহোৎসৱক অসমৰ অন্যতম সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিগণিত কৰিলে। মাজুলী জেংৰাইমুখৰ খেৰকটীয়া নৈৰ পাৰত যোৱা ৫ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা সপ্তম মিচিং যুৱ মহোৎসৱৰ আজি অন্তিম দিনৰ কাৰ্যসূচী হিচাপে দিনৰ এঘাৰ বজাৰ পৰা বিশিষ্ট সাহিত্যিক চেঙাৰাম মৰাং সোঁৱৰণী মূল মঞ্চত অনুষ্ঠিত হয় পুৰস্কাৰ বিতৰণ আৰু মুকলি সভা।অনুষ্ঠানত মিচিং যুৱ মহোৎসৱ মাজুলী সাংস্কৃতিক দলৰ দ্বাৰা পৰিবেশন কৰা আৰম্ভণি গীতেৰে শুভাৰম্ভ কৰা হয় মুকলি সভা অনুষ্ঠান । এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং বানে কেবাংৰ সভাপতি পৰমানন্দ চায়েঙীয়াই । মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে মাজুলীত সাংস্কৃতিক প্ৰকল্প প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰে । ইয়াৰ বাবে অসম চৰকাৰে পুঁজি বহন কৰিব লাগিব। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত থলুৱা লোক কৃষ্টিবোৰ সংৰক্ষণ কৰি জাতীয় সত্তাক বৰ্তাই ৰাখিব । মুখ্য অতিথি হিচাপে মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্ধন দেৱ গোস্বামীয়ে কয়- মিচিং জনগোষ্ঠীয় লোকসকলে নিজস্ব কৃষ্টি সংস্কৃতি ৰক্ষা কৰি আধুনিক সময়ৰ সৈতে কাম কৰিছে । সকলো জাতি- জনগোষ্ঠীয়ে এই ধাৰা অব্যাহত ৰাখিব পাৰিলেহে বৃহত্তৰ অসমীয়া জাতি জীয়াই থাকিব বুলি কয় । বিশিষ্ট অতিথি হিচাপে টি এম এম কে কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী উষাৰানী কুম্বাঙে জানমনি কুটুমৰ হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে অনিয়ন্ত্ৰিত খোৱা- বোৱা ব্যৱস্থাই যুৱ সমাজক বিপদৰ গৰাহলৈ ঠেলি দিছে ।যাৰফলত জানমনি কুটুমৰ দৰে ফুলকুমলীয়া যুৱতীয়ে মৃত্যুক আকোৱালি ললে । এই
অনুষ্ঠানত টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাং,মিচিং আগম কেবাংৰ সভাপতি গোবিন টাইদ, ধেমাজীৰ বিধায়ক ড' ৰনোজ পেগু, জোনাইৰ বিধায়ক ভূৱন পেগু, শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ,অৰুণাচল আদী মিচিং বানে কেবাংৰ সাধাৰণ সম্পাদক অকম য়চুং,সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক নোমল চেত্ৰী,মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সূনীল কুমাৰ পেগু,সন্মানীয় অতিথি হিচাপে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে,সাংসদ প্ৰদান বৰুৱা, বিহপুৰীয়া বিধায়ক দেৱানন্দ হাজৰিকা, বিশেষ অতিথি হিচাপে লেখক, সাংবাদিক শ্যামকানু মহন্ত,জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা, অৰুণাচলৰ ক্ৰমে তাম্ব তামিন,টাকে লুচি,ৰকি মতঃ,পজং তাগিন,বিজয় নালঃ,কেন ডাবী, লোকনাথ কানা আদি বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত থাকি মহোৎসৱৰ সৌস্তৱ বৃদ্ধি কৰে । এই অনুষ্ঠানত অৰুণাচলৰ নিচি,আদী,গালঃ,মাজুলীৰ সাংস্কৃতিক দলে লৃগাং নৃত্য আদিকে ধৰি বিভিন্ন সাংস্কৃতিক দলে কৃষ্টি নৃত্য পৰিৱেশন কৰি সকলো দৰ্শকৰ মন আকৰ্ষণ কৰে । নিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত
বিশিষ্ট শিল্পী তৰাৱতী বড়ি,গজেন নৰহ আদিৰ লগতে অসমৰ বিভিন্নগৰাকী জনপ্ৰিয় শিল্পী ক্ৰমে বিনোদ বায় পেগু, ৰিদীপ ৰেগন আদিকে ধৰি কুৰিগৰিকী বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰি সাংস্কৃতিক অনুষ্ঠান জীপাল কৰি তোলে । ইপিনে ৮ মাৰ্চৰ অন্তিম দিনৰ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে পুৱাই স্বচ্ছ অভিযান চলোৱাৰ লগতে সকলোধৰনৰ পৰিকল্পনা যুগুত কৰা হয়।আলোচনা-চক্ৰ মঞ্চত কৃষি সম্পৰ্কীয় আলোচনা সভা অনুষ্ঠিত কৰা হয়। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দেৱৰণ্জ্ঞন মৰাঙে আঁত ধৰা অনুষ্ঠানত অসমৰ আগশাৰী বিশগৰাকী কৃষকক মান পত্ৰ আৰু সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত কৃষি যন্ত্ৰ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান বিশ্বনাথ চাৰিআলিৰ ৰমেশ ডি,অসম লখিমপুৰ বিশ্বজিৎ কোঁৱৰ, এছ ডি এফ এজেন্সিৰ মৃদুল শইকীয়া,এন আৰ এল এম মাজুলী, ধেমাজীৰ কৃষি সজুলি উদ্ভাৱক বুদ্ধেশ্বৰ পামে, ৰ'দালি ফ্ৰাম,ৰজত পাওৱে আদিয়ে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 22 views