বইটামাৰীৰ প্ৰতিবেদক:
বঙাইগাওঁ জিলাৰ বইটামাৰীৰ ঢাকনাবাৰী সংযোগী ভৈৰৱচূড়া পাহাৰৰ দূৰ্গম অঞ্চলত দেওবাৰে নিশা গোৱালপাৰা,বঙাইগাওঁ আৰু ধুবুৰী জিলাৰ আৰক্ষীয়ে মিলি অভিযান চলাই এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে।জানিব পৰা মতে, গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অজয় সাহা ( ২৪ )নামৰ যুৱকজনক যোৱা ২৫ ফেব্ৰুৱাৰীত দুৰ্বৃত্তই অপহৰণ কৰিছিল।অপহৰণকাৰী দুৰ্বৃত্তই তাৰ পিছত অজয়ৰ পৰিয়ালক বৃহৎ পৰিমানৰ ধন দাবী কৰে।পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজাহাৰৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই অপহৰণকাৰী দলটোৰ কেবাজনকো আটক কৰে।ইয়াৰে ছহিদুল ইছলাম নামৰ আটকাধীন অপৰাধীটোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে অভিযান চলাই ভৈৰৱচূড়া পাহাৰৰ জংঘলত মৃতদেহটো উদ্ধাৰ কৰে।ইফালে,পাহাৰখনৰ নামনিৰ ময়নাল হক নামৰ লোকজনৰ বাসগৃহৰ পৰা লেপটপ আৰু ধনুকাঁড় উদ্ধাৰ কৰে।কিন্তু আৰক্ষী যোৱাৰ পূৰ্বেই লোকজনে পলায়ন কৰে।আনহাতে, ধৃত ছহিদুলৰ ঘৰ অভয়াপুৰী থানাৰ অৰ্ন্তগত খাচপাৰাত বুলি জানিব পৰা হৈছে।এই ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । একাংশ অপৰাধীয়ে যে বৃহৎ এটা নেটৱৰ্ক গঢ়ি তুলিছে এই ঘটনাই তাকে প্ৰমাণ কৰিছে।
- Log in to post comments
- 22 views