নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত দেওবাৰৰে পৰা ১১ মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দৌল উৎসৱ আৰম্ভ হৈছে।এই উপলক্ষে পুৱা ৭ বজাত থানঘৰ প্ৰাঙ্গণত স্বচ্ছতা অভিযান-পৰিৱেশ নিকাকৰণ হয়।৮ বজাত গছপুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰাসেশ্বৰ নাথ আৰু সমাজকৰ্মী পুষ্পেন্দ্ৰ ডেকাই।১০ বজাত ভক্তপ্ৰাণ ৰাইজৰ শৰাই-সঁফুৰা অৰ্চন -বৰ্দন হয়।১০:৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জামুগুৰি-কুঁজিডাহ গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ ভদ্ৰ বৰাই।উক্ত সাংস্কৃতিক শোভাযাত্ৰাত ভাগৱত পাঠ,দিহা নাম,কৃষ্ণ - ৰাধাকে ধৰি নান্দনিক শোভাযাত্ৰাটিয়ে প্ৰায় কুৰি কিল'মিটাৰ পথ পৰিভ্ৰমণ কৰি সমগ্ৰ অঞ্চলটো মুখৰিত কৰি তুলে।১১ বজাত নাম - প্ৰসংগ আৰু কীৰ্তন পাঠ হয়। ১২ বজাত প্ৰসাদ বিতৰণৰ পাছতেই বিয়লি ২ বজাত আইমাতৃসকলৰ নাম পৰিৱেশিত হয়।বিয়লি ৩ বজাত দান পাত্ৰ সংগ্ৰহ।৫ বজাত প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰে উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন সভাপতি বিষ্ণুৰাম বৰাই।সন্ধ্যা ৫:৩০ বজাত শুকুলা শয্যাত বন্তি প্ৰজ্বলন কৰে শংকৰী কলাকৃষ্টিৰ সাধক নৰেন্দ্ৰ নাথ আৰু অনন্ত হাজৰিকাই।সন্ধ্যা ৬ বজাত প্ৰাক্তন থানঘৰীয়া হৰেশ্বৰ নাথ,বিশিষ্ট শিল্পী গম্ভীৰ নাথ আদিয়ে সমূহীয়া বন্তি প্ৰজ্বলন অনুষ্ঠানৰ শুভাৰম্ভণি কৰাৰ পিছতে আৰম্ভ হয় সন্ধ্যা প্ৰসংগ।
আনহাতে,সোমবাৰে (৯ মাৰ্চত)পুৱা মনিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন,৮ বজাত ধৰ্মধ্বজা আৰু জল কলচি লৈ গৰখীয়া থানলৈ যাত্ৰা,৯ বজাত ধৰ্মধ্বজা উত্তোলন,৯:৩০ বজাত স্মৃতি তৰ্পন,১০ বজাত গোঁসাই স্নান আৰু দৌল প্ৰতিষ্ঠা, ১০:৩০ বজাত খোল প্ৰসঙ্গ আৰু নাম কীৰ্তন, ১১ বজাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ,১২ বজাত নৃসিংহ মূৰ্তি উন্মোচন,১ বজাত আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিৱেশন, সন্ধ্যা ৬ বজাত বন্তি প্ৰজ্বলন।৭ বজাত শৈক্ষিক বঁটা প্ৰদান কাৰ্য্যসুচীত উপস্থিত থাকিব প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাই ,বিধায়ক ৰূপক শৰ্মা আৰু গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা।৮ বজাত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান শুভাৰাম্ভ কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়ক আঙুৰলতা ডেকাই, নিশা ১২ বজাত সমুহীয়া ঘোষাৰে নৈশ জিৰণি১০ মাৰ্চত পুৱা পৰিৱেশ নিকাৰণ,৯ বজাত পৱিত্ৰ হোলী খেলা, ১০:৩০ বজাত নাম -কীৰ্তন,বিয়লি ১ বজাত অামন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিৱেশন, নিশা ৮ বজাত চকলাঘাট মহিলা সমাজৰ দ্বাৰা গুৰুজনাৰ অমৰ সৃষ্টি "কেলি গোপাল" অংকীয়া নাট উদ্বোধন কৰিব প্ৰাক্তন বিধায়ক ডা: দুৰ্ল্লভ চমুৱাই।উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ।১১ মাৰ্চত পুৱা পৰিৱেশ নিকাকৰণ,৯ বজাত ময়ূৰপঙ্খী ৰথত গোঁসাই ভ্ৰমণ,দুপৰীয়া নাম কীৰ্তন,বিয়লি ২ বজাত অঞ্চলৰ মহিলাসকলৰ দ্বাৰা নাম -কীৰ্তন,নিশা ৯ বজাত বিশিষ্ট নাট্যকাৰ অভিজিৎ ভট্টাচায্যৰ ৰচিত সামাজিক নাটক 'মায়া মাথো মায়া' মঞ্চস্থ কৰা হ'ব।নিশা ১২ বজাত ধৰ্মধ্বজা অৱনমন আৰু সমূহীয়া ঘোষাৰে চাৰিদিনীয়া কাৰ্য্যসুচীৰ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জনাইছে।উৎসৱৰ সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।
- Log in to post comments
- 32 views