নামৰূপ মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন 

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱা:

নামৰূপ মহাবিদ্যালয়ৰ নাৰী অধ্যয়ন আৰু বিকাশ কোষে ৭ মার্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে।৭ মার্চৰ পুৱা ১০-৩০ বজাত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখন সজাগতামূলক বাটৰ নাট নামৰূপ নগৰৰ সোণাৰি তিনিআলি আৰু শৰ্মা তিনিআলিত মঞ্চস্থ কৰা হয়।

Pic

বাটৰ নাটৰ দ্বাৰা সমাজলৈ নাৰী বৈষম্য দূৰ কৰা,নাৰী নিৰ্যাতন বন্ধ কৰা আৰু ঘৰুৱা হিংসা বন্ধ কৰাৰ বাৰ্তা প্ৰেৰণ কৰাৰ প্ৰয়াস কৰা হয়। নাৰী অধ্যয়ন আৰু বিকাশ কোষৰ সঞ্চালিকা ডঃ ৰঞ্জনা বৰা বৰদলৈ আৰু অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা চন্দ্ৰমা চুম্পী গগৈৰ পৰিচালনাত ছাত্ৰ- ছাত্ৰীসকলৰ স্বতঃস্ফূৰ্ত অভিনয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।ইয়াৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ দ্বাৰা  উৎপাদিত খাদ্য সামগ্ৰী তথা অন্যান্য ঘৰুৱা আৱশ্যকীয় সা-সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিপনন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অতুল গগৈয়ে।এই প্ৰদৰ্শনী আৰু বিপনন কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাৰ প্ৰয়াস কৰা হৈছে।

Your Comments