মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ স্মৃতি বিজড়িত আলিপুখুৰী পাটেকীবৰীৰ সত্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ দৌল যাত্ৰা উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ মাজত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে।দেওবাৰৰ পৰা ৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল যাত্ৰা মহোৎসৱৰ লগত সংগতি ৰাখি পাটেকীবৰীৰ সত্ৰৰ নাম সিংহ ভাগ উন্মোচন কৰে আলিপুখুৰী পাটেকীবৰীৰ সত্ৰ উন্নয়ন সমিতিৰ সভাপতি ললিত চন্দ্ৰ বৰা আৰু ডেকা সত্ৰাধিকাৰ বীৰেন মহন্তই। আলিপুখুৰী পাটেকীবৰীৰ সত্ৰ উন্নয়ন সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক সত্যনাৰায়ন বৰাই আঁত ধৰা অনুষ্ঠানটোত নাম সিংহ ভাগ অৰ্পণ কৰা ১ নং গেদাবৰী গাঁৱৰ জিঅ' লিমিটেডৰ অভিযন্তা পাৰ্থ প্ৰতীম শইকীয়াই কয় তেওঁৰ পৰিয়াল বৰ্গই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেৰ জন্মস্থানৰ সত্ৰখনত নাম সিংহ ভাগ আগবঢ়াবলৈ পাই ধন্য হোৱা বুলি মন্তব্য কৰে।ইফালে,দেওবাৰৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱক লৈ দূৰ-দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটি ৰঙৰ উৎসৱ ফাকুৱাই যেন মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জন্মভূমি আলিপুখুৰী পাটেকীবাৰীক সত্ৰত ৰঙীয়াল কৰি তোলে।দেওবাৰে সন্ধিয়া হৰেণ কলিতাৰ দ্বাৰা গন্ধিকা আৰম্ভ হোৱাৰ পিছত নিশা অনুষ্ঠিত হয় নাম-প্ৰসঙ্গ। ৯ মাৰ্চত পুৱা খোল প্ৰসঙ্গ,আয়তীসকলৰ নাম প্ৰসঙ্গ,গোঁসাইৰ মূৰত ফাকু প্ৰদান,সমূহীয়া নাম-প্ৰসঙ্গ,মহিলাসকলৰ দিহা নাম আৰু নিশা অনুষ্ঠিত হ'ব নাম-কীৰ্তন।১০ মাৰ্চত খোল-প্ৰসঙ্গ,সমূহীয়া নাম প্ৰসঙ্গ,গোঁসাইৰ দৌল পৰিভ্ৰমণ আৰু স্ব-গৃহলৈ গমণ।নিশা দৌল উৎসৱৰ সামৰণি হোৱাৰ লগতে ১১ আৰু ১২ মাৰ্চত অনুষ্ঠিত হ'ব সমূহীয়া নাম-প্ৰসঙ্গ।
- Log in to post comments
- 44 views