মৰিগাঁৱৰ পৰা জিতুমনি নাথ:
'মৰিগাঁও জিলা কৃষি বিভাগত কৃষকৰ বাবে আৱন্টিত বিভিন্ন তৰহৰ বীজ যোগানত দীৰ্ঘদিনে সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি। মোৰ হাতত বহু তথ্য আছে। মই ধৰিবৰ কাৰণে বহু চেষ্টা চলাইছিলো,কিন্তু নোৱাৰিলো'-এই বিষ্ফোৰক অভিযোগ তুলিছে শাসকীয় বিজেপি দলৰ মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।বুধবাৰে মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ৰ টেক্টৰ বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি দিয়া ভাষণত বিধায়ক দেউৰীয়ে কয় -'মৰিগাঁৱৰ কৃষক ৰাইজে বহু সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। মৰিগাঁও জিলাৰ জিলা পথাৰ পৰিচালনা সমিতিখনক ভুৱা পথাৰ পৰিচালনা সমিতি বুলি উল্লেখ কৰি এই ভুৱা পথাৰ পৰিচালনা সমিতিৰ জৰিয়তে কৃষি বিভাগটোত দুৰ্নীতি সংঘটিত হবলৈ পাইছে বুলি তেওঁ কয়।'কৃষকসকলৰ বাবে আৱন্টিত সৰিয়হ,মচুৰ মাহ,সাৰ আদি কৰি বিভিন্ন তৰহৰ বীজসমূহ চৰকাৰী গুদামত জমা হোৱাৰ বিপৰীতে বেলেগ বেলেগ গুদামতহে জমা হয়।এই গুদামসমূহৰ পৰা চৰকাৰী গুদামলৈ অলপ-অলপ দি বাকী সমূহ বাহিৰত বিক্ৰী কৰি লাখ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰি আহিছে। প্ৰকৃত কৃষকে এই বীজসমূহ লাভ নকৰে। ই এতিয়াই নহয় বিগত চৰকাৰৰ দিনৰে পৰা চলি আছে। আমি তদন্ত কৰি ধৰা পেলোৱাৰ কাৰণে আমাৰ চৰকাৰৰ দিনত লাহে লাহে অলপ কমিছে'-দেউৰীয়ে মন্তব্য কৰে। ঔজাৰী কৃষি ফাৰ্মৰ পৰিচালক দিব্যজ্যোতি হাজৰিকাই আঁত ধৰা সভাখনত বিধায়ক দেউৰীয়ে কয় যেএইখন যিহেতু ৰাইজে পতা চৰকাৰ, গতিকে ৰাইজেই নিকা কৰাত সহযোগিতা কৰিব লাগিব।ৰাইজৰ ভাল মানসিকতা হ'লেহে দেশখন ভালভাৱে গঢ় ল'ব বুলি উল্লেখ কৰে। জিলা কৃষি বিষয়া মাধুৰাম পাতিৰিয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত জিলা উপায়ুক্ত ঋতুৰাজ বৰাই জিলাখনৰ সকলো কৃষককে যাতে সময়মতে কৃষকৰ সকলো সা-সঁজুলি প্ৰদান কৰিব পৰা যায়,তাৰ বাবে জিলা কৃষি বিভাগক তৎপৰতা অৱলম্বন কৰিবলৈ নিৰ্দেশনা জাৰি কৰি কয় যে গ্ৰাম্য অঞ্চলত টেক্টৰসমূহ বিতৰণ কৰাৰ সমান্তৰালকৈ টেক্টৰ মেৰামতি কৰিব বাবেও কিছু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত জিলা প্ৰশাসনে প্ৰতিখন গাঁৱৰ এজন-দুজন কৃষকক লৈ জিলা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে টেক্টৰসমূহ প্ৰাথমিক মেৰামতিৰ সন্দৰ্ভত দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰোৱা হ'ব বুলি মন্তব্য কৰে। মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধীয়ে ভাষণ প্ৰদান কৰা সভাখনত জিলা বিজেপিৰ উপ -সভাপতি সুৰেন দাস,বিজেপিৰ নেতা অজিত ডেকা,মনক চন্দ্ৰ বৰদলৈ,অগপ নেতা ৰাজু বৰদলৈ, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ আদি কৰি জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু শতাধিক কৃষকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে মৰিগাঁও জিলাৰ মুঠ ৬৩২ খন ৰাজহ গাঁৱলৈ অনুমোদিত ৰাজসাহায্যযুক্ত টেক্টৰসমূহৰ ভিতৰত প্ৰথম পৰ্যায়ত ১২৯ খন আৰু দ্বিতীয় পৰ্যায়ত আজি ১১৫ খন টেক্টৰ বিতৰণৰ কাৰ্য্যসূচীৰ শুভৰাম্ভ কৰে। অহা ১৫ মাৰ্চৰ ভিতৰত সকলো ৰাজসাহায্যযুক্ত টেক্টৰ বিতৰণৰ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰাত মৰিগাঁও জিলা প্ৰশাসনে অহা অহা ৭ৰ পৰা ১০ মাৰ্চৰ ভিতৰত এখন বৃহৎ কৃষান মেলাৰ জৰিয়তে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰে জিলা উপায়ুক্ত ঋতুৰাজ বৰাই। উক্ত সভাতে এনএফএচএম ২০১৯-২০ বৰ্ষৰ পাৱাৰ টিলাৰ,পি এম কে এচ ৱাই ২০১৮-১৯ বৰ্ষৰ গভীৰ জলসিঞ্চনৰ সা-সঁজুলিসমূহো বিতৰণ কৰা হয়।
- Log in to post comments
- 12 views