মৃণাল ডেকা,শুৱালকুছি:
অসমৰ বৰ্তমানৰ সফল মন্ত্ৰী বুলিলে প্ৰথমে সকলোৰে মুখত এটাই নাম,সেইজনেই হৈছে জালুকবাৰী সমষ্টিৰ বিধায়ক মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা । সেয়া কংগ্ৰেছ চৰকাৰৰ দিনতে হওক নতুবা বিজেপিৰ চৰকাৰৰ দিনতে হওক,সকলোৰে মুখত এইজনা মন্ত্ৰীৰ নাম।বিশেষকৈ অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰতে আটাইতকৈ জাকত -জিলিকা বুলি কোৱা সমষ্টিটোৱেই হৈছে মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টি।পিচে প্ৰভাৱশালী মন্ত্ৰীৰ সমষ্টিতে ২০১১ চনত স্থাপন কৰা এটি কামৰ আধাৰশিলাৰ ফলকখন দেখিলে সফল মন্ত্ৰীজনৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়।কংগ্ৰেছ চৰকাৰৰ দিনতেই ২০১১ চনৰ ২১ ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ সদৰ আমিনগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুুখতে ৰাজকীয় আয়োজনৰে এখন তোৰণৰ আধাৰশিলা স্থাপন কৰিছিল।কংগ্ৰেছৰ দ্বিতীয়টো কাৰ্যকালৰ সময়তে স্থাপন কৰা এই তোৰণখন কুমাৰ ভাস্কৰ বৰ্মনৰ নামত নামাকৰণ কৰা হৈছিল।সচেতন অসমীয়াই জানে ভাস্কৰ বৰ্মন আছিল প্ৰাচীন কামৰূপ ৰাজ্যত ৰাজত্ব কৰা ৰজাসকলৰ এজন অন্যতম প্ৰসিদ্ধ ৰজা।সেই কুমাৰ ভাস্কৰ বৰ্মনৰ নামতে স্থাপন কৰা আধাৰশিলাখন সুদীৰ্ঘ ৯ টা বছৰে কেৱল আধাৰশিলাতে সীমাবদ্ধ হৈ থাকিল।কংগ্ৰেছ চৰকাৰৰ সেই সময়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,গুৱাহাটী উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী জালুকবাৰী সমষ্টিৰ বিধায়ক ড: হিমন্ত বিশ্ব শৰ্মাই উক্ত আধাৰশিলা স্থাপন কৰিছিল।কিন্তু,দ্বিতীয়তো কাৰ্যকালত আধাৰশিলা স্থাপন কৰা এই তোৰণৰ কাম ১ শতাংশও আৰম্ভ কৰিব নোৱাৰিলে।তাৰ পিছতো পুনৰ তৃতীয়বাৰৰ বাবে অসমত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ অসমত প্ৰতিষ্ঠা হ'ল।সেই সময়ৰ কাৰ্য্যকালৰ বহুকেইটা গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰে যদিও তোৰণখনৰ কাম ১ শতাংশও কৰা দেখা নগ'ল।ড: শৰ্মাই কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পিচতে অসমত বিজেপিৰ চৰকাৰ গঠন হ'ল।বিজেপি চৰকাৰৰ দিনতো বহুকেইটা গুৰুত্বপূৰ্ণ মন্ত্ৰীত্ব লাভ কৰিলে মন্ত্ৰীগৰাকীয়ে।বিজেপি চৰকাৰে বৰ্তমান ৪ বছৰ পূৰ্ণ কৰিবলৈ আগবাঢ়িছে যদিও প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে ৯ বছৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিও আজিলৈকে ১ শতাংশও কাম কিয় সম্পূৰ্ণ নকৰিলে,সেয়া এক নুবুজা সাথঁৰ হৈ আছে।এজন বুৰঞ্জী প্ৰসিদ্ধ ৰজাৰ নামত তোৰণ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰিও তোৰণখন নিৰ্মাণ নকৰা কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে।
- Log in to post comments
- 31 views