কপাহেৰাত প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী-সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা,কবিতা পাঠৰ অনুষ্ঠান

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত কপাহেৰাস্থিত সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'কবিতা পাঠ,শৰৎ চন্দ্ৰ গোস্বামী আৰু ৰূপৰাম সূত স্মৃতিচাৰণ বক্তৃতানুষ্ঠান' শীৰ্ষক দিনজোৰা কাৰ্যসূচীৰে এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়।কপাহেৰা অঞ্চলৰ দুগৰাকী কৃতবিদ্য পুৰুষ শৰৎ চন্দ্ৰ গোস্বামী আৰু ৰূপৰাম সূত।স্বাধীনতা সংগ্ৰামী, বৰ অসমৰ শিক্ষামন্ত্ৰী,এগৰাকী কবি, অভিনেতা, সুবক্তা তথা সমাজ সংগঠক আছিল প্ৰয়াত শৰৎ চন্দ্ৰ গোস্বামী।আনহাতে, ৰূপৰাম সূতো আছিল অঞ্চলটোৰ পৰা প্ৰথমগৰাকী কটনিয়ান, কবি, সূত্ৰধাৰ, সুবক্তা তথা শিক্ষাবিদ।অবিভক্ত নগাঁও জিলাত বহু বিদ্যালয়,মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি জ্ঞানৰ বন্তি জ্বলোৱাত দুয়ো প্ৰভূত বৰঙণি আগবঢ়াই গৈছে । ইয়াৰ উপৰিও ৰূপৰাম সূত দেৱকান্ত বৰুৱা সম্পাদিত 'দৈনিক অসমীয়া' কাকতৰ সহকাৰী সম্পাদক তথা কপাহেৰা অঞ্চলৰ প্ৰথমগৰাকী সাংবাদিক আছিল।এই দুয়োজনা মহান ব্যক্তিৰ প্ৰতি সন্মান জনাই সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভূক্ত মৰিগাঁও জিলাৰ 'চতুৰ্থ শ্ৰেষ্ঠ শাখা' সন্মানেৰে বিভূষিত কপাহেৰা আঞ্চলিক কবি সন্মিলনে দেওবাৰে সোণাৰুগুৰি মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰে কবিতা পাঠৰ অনুষ্ঠান আৰু স্মৃতিচাৰণ বক্তৃতানুষ্ঠাৰ।পুৱা ১০ বজাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী মাঘৰাম দেউৰীয়ে বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ পিছতেই  পুৱা ১০:১৫ বজাত শাখাৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই সন্মিলনৰ পতাকা উত্তোলন কৰে।মুকলি সভা অনুষ্ঠিত হয় পুৱা ১১:৪৫ বজাত।মুকলি সভাৰ পূৰ্বে অতিথিসকলৰ আদৰণি অনুষ্ঠানটিৰ আঁত ধৰে সদৌ অসম কবি সন্মিলনৰ মনোনীত তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মাধৱ চন্দ্ৰ ডেকাই । মুকলি সভাত সভাপতিত্ব কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই।শিল্পী ৰাজশ্ৰী ডেকাৰ  শ্ৰীমন্ত শংকৰদেৱ        বিৰচিত বৰগীতেৰে সভাৰ শুভ উদ্বোধন কৰে।ইয়াৰ পিছতেই  'শৰৎ চন্দ্ৰ গোস্বামী আৰু ৰূপৰাম সূত স্মৃতিচাৰণ বক্তৃতা' আগবঢ়ায় ক্ৰমে বিশিষ্ট  সাংবাদিক ডালিম ফুকন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক যাদৱ ফুকনে।ভাষণ প্ৰসংগত সাংবাদিক ফুকনে কয়-'সমাজৰ যদি উত্তৰণ হয়,বৌদ্ধিক কচৰতৰ দ্বাৰাহে হ'ব,ধন-টকা-পইচাৰে নহয়।'অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া আৰু প্ৰধান সম্পাদক উজ্জ্বল পাওগাম।বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে 'নতুন কবিতা'ৰ সম্পাদক মদাৰজ্যোতি,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী,প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী,মনোনীত সদস্য তথা মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ভৱেন চন্দ্ৰ নাথৰ লগতে সোণাৰুগুৰি মজলীয়া বিদ্যলয়ৰ প্ৰধান শিক্ষক দিবেন্দ্ৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক দেৱেন দাসকে প্ৰমুখ্য কৰি প্ৰায় শতাধিক ব্যক্তি।ইয়াৰ পাছতেই মাধৱ চন্দ্ৰ ডেকাৰ সম্পাদনাৰে শাখাৰ পত্ৰিকা "গুঞ্জৰিত কপাহেৰা"ৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই আৰু নিখিল ৰঞ্জন গোস্বামীৰ সম্পাদনাৰে জননেতা প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক শৰৎ চন্দ্ৰ গোস্বামী, ৰূপৰাম সূতৰ জন্ম শতবাৰ্ষিকীৰ শুভক্ষণত 'স্মৃতিলেখা' শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে উজ্জ্বল পাওগামে । মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি আবুল হাচেম আল আমনৰ সঞ্চালনাত বিয়লি অনুষ্ঠিত হোৱা কবিতা পাঠৰ অনুষ্ঠানটিত দীপসংগীত বৰুৱা, যাদৱ ফুকন, গুণমণি বৰা, ভৱেন চন্দ্ৰ নাথ, চিৰ সেউজ, দেৱকান্ত ডেকা, নিবেদিতা শইকীয়া, হেমন্ত ভাৰতী, তীৰ্থ নাথ বৰুৱা, প্ৰিয়ংকা গোস্বামী, পাৰ্থ প্ৰতিম বৰা, কুমকুম কুঁৱলি বৰুৱা, কাব্যম কুঞ্জৰ চুতীয়া, পল্লৱী শইকীয়া বৰা, নিহাল কৃষ্ণ ডেকা, কৃষ্টিবন ডেকা, হৰ্ষৰাজ ডেকা,ব্যাসদেৱ শইকীয়া, চুমি কপাহেৰা, কল্পনা বৰা, পুলক চন্দ্ৰ বৰদলৈ, পুলিন্দ্ৰ শইকীয়া,দেৱেন দাস,বিজয়া বৰা, ভূৱন চন্দ্ৰ ডেকা, দ্বীপ সংগীত বৰুৱা, মাধৱ চন্দ্ৰ ডেকা,ৰাগ অনুৰাগ, কৃষ্ণ কান্ত ডেকাকে ধৰি প্ৰায় ডেৰকুৰিৰো অধিক ন-পুৰণি  কবিয়ে কবিতা পাঠৰে মুখৰিত কৰে কপাহেৰা অঞ্চল। সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰৰে সামৰণি পৰা অনুষ্ঠানটিত পঠিত কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়াই বিশিষ্ট কবি প্ৰদীপ শইকীয়াই ।

Your Comments