ৰাষ্ট্রীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগ:মঙলদৈত দৰঙৰ ১২ খন চিকিৎসালয়লৈ 'কায়াকল্প বঁটা' প্রদান

Pic

উজ্জ্বল জ্যোতি ডেকা,মঙলদৈ:

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,দৰং আৰু জিলা যুটীয়া স্বাস্থ্য সেৱা সমিতিৰ উদ্যোগত দৰং জিলাৰ ১২ খন চিকিৎসালয়ক সোমবাৰে প্রদান কৰা হয় 'কায়াকল্প বঁটা'।মূলতঃ পৰিষ্কাৰ-পৰিছন্নতা আৰু সংক্ৰমণবিৰোধী কাৰ্যত নিপুণতা প্রদৰ্শন কৰাৰ বাবেই এই বঁটা প্ৰদান কৰা হয়।জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্রীয় স্বাস্থ্য অভিযান দৰঙৰ উদ্যোগত মঙলদৈ য়ুথ ক্লাবত অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত এই বঁটা প্রদান কৰে জিলা উপায়ুক্ত ঘনশ্যাম দাসে। স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজাই সভাত উপস্থিত থাকি উল্লেখ কৰে যে মূলতঃ পৰিষ্কাৰ-পৰিছন্নতা,সংকমণ বিৰোধী পদক্ষেপ আৰু ৰোগীক চিকিৎসাৰ প্রকৃত সন্তুুষ্টি দিবলৈ সক্ষম হোৱাৰ বাবেই এই বঁটা প্রদান কৰি আহিছে স্বাস্থ্য বিভাগে।এই প্রতিযোগিতাত মঙলদৈ অসামৰিক চিকিৎসালয়ে ৰাজ্যৰ ভিতৰত তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে দেওমৰনৈ সামূহিক স্বাস্থ্য কেন্দ্রই দৰং জিলা সামূহিক স্বাস্থ্য কেন্দ্রসমূহৰ ভিতৰত প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে,ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রসমূহৰ ভিতৰত কেন্দুগুৰি ক্ষুদ্র স্বাস্থ্য কেন্দ্রই জিলাখনৰ ভিতৰত শ্রেষ্ঠ চিকিৎসালয়ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে |ইফালে,জিলাখনৰ দুনী মডেল হস্পিতাল,কুঁঁৱৰীপুখুৰী মডেল হস্পিতাল,গৰুখুঁঁটি স্বাস্থ্য কেন্দ্র,গোসাঁঁইগাঁঁও স্বাস্থ্য কেন্দ্র,জলজলী চিকিৎসালয়, ৰামহৰি, নিজডাঁঁহী আৰু হাজৰিকাপাৰা স্বাস্থ্য কেন্দ্রলৈ উদগনিমূলক বঁটা প্রদান কৰা হয়।ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,দৰঙৰ জিলা আঁচনি বিষয়া শ্বাবনা চৌধুৰীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপায়ুক্ত ঘনশ্যাম দাসে ভৱিষ্যতে চিকিৎসালয়সমূহক আৰু ভাল ফল দেখুৱাবলৈ আহ্বান জনায়।যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ৰূপলাল নুনিচা,মহকুমা চিকিৎসা বিষয়া ডাঃ প্রশান্ত গোস্বামীও সভাখনত উপস্থিত থাকে ।

Your Comments