সংসদৰ চলিত শীতকালীন অধিৱেশনতে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ কৰাৰ দাবী

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

'ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে বৰ্তমানৰ জনজাতিসকলৰ কোনোধৰণৰ ক্ষতিসাধন নোহোৱাকৈ জনজাতিকৰণ বিচাৰিছো ৷ জনজাতিকৰণ কাৰো পৈতৃক সম্পত্তি নহয় আৰু আমি তেওঁলোকৰ ওচৰত জনজাতিকৰণ বিচৰা নাই।গতিকে,জনজাতিসকল শংকিত হোৱাৰ কোনো কাৰণ নাই৷'দেওবাৰে বঙাইগাঁও চহৰৰ ভাকাৰীভিটাস্থিত কমতাপুৰ ভৱনত আয়োজিত এখন যৌথ সংবাদমেল যোগে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিদ্বয় তথা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় আৰু কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে এইদৰে কয় ৷ সংবাদমেলত নেতাদ্বয়ে কয় যে জনজাতিকৰণ এক সংবিধান প্ৰদত্ত অধিকাৰ ৷এই অধিকাৰ কোচ ৰাজবংশীৰ প্ৰাপ্য ৷ সেইদৰে সংবিধানে কোনো জাতি-জনগোষ্ঠীকে যুগ যুগান্তৰলৈ এই অধিকাৰ ভোগ কৰি থাকিবলৈ দিয়া নাই ৷ কেৱল সামাজিক, অৰ্থনৈতিক, শৈক্ষিকভাবে দুৰ্বল আৰু ভৌগোলিক ভাবে বিচ্ছিন্ন তথা অস্পৃশ্য জাতি- জনগোষ্ঠীক দহ বছৰৰ বাবেহে জনজাতিৰ মৰ্যাদা দিয়ে ৷ প্ৰতি দহ বছৰৰ পিছত পুনৰীক্ষণ কৰা হয় আৰু পুনৰীক্ষণৰ জৰিয়তে কাৰোবাক জনজাতিৰ তালিকাৰ পৰা কৰ্তন কৰিব পৰাৰ সাংবিধানিক ব্যৱস্থা আছে ৷ ইতিমধ্যে অসমৰ বৰ্তমানৰ কেইবাটাও জনগোষ্ঠীয়ে জনজাতীয় বৈশিষ্ট্য হেৰুবাই পেলাইছে বুলি মন্তব্য কৰি নেতাদ্বয়ে কয় যে ইয়াৰ বিপৰীতে কিন্তু কোচ ৰাজবংশীসকলৰ পূৰ্বৰে পৰাই জনজাতীয় বৈশিষ্ট্য বিদ্যমান আৰু জনজাতিকৰণৰ বাবে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চৰকাৰী বিধি-ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ যাৰ বাবে ১৯৯৬ চনত ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিল ৷ সেই সময়ত অসমৰ সকলো জনজাতীয় সংগঠনে আদৰণি জনাইছিল ৷ সেয়াই নহয় ২০০৬ চনত নিখিল বড়ো ছাত্ৰ সন্থা, ২০১৩ চনৰ ২৬ চেপ্তেম্বৰত বিপিএফ, ২০১৬ চনৰ ২৭ নবেম্বৰত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি কেবিনেট আৰু গোৱিন্দ বসুমতাৰী নেতৃত্বাধিন এনডিএফবি(প্ৰ)য়ে কেইবাবাৰো আক্ৰাছুৰ সৈতে বৈঠক কৰি কোচ ৰাজবংশী সকলক জনজাতিকৰণ কৰিলে আপত্তি নাই বুলি লিখিতভাৱে উল্লেখ কৰিছিল ৷ তেনে ক্ষেত্ৰত কোচ ৰাজবংশী সকলক কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ কৰিব বিচাৰোতেই জনজাতিসকল জাঙুৰ খাই বিৰোধিতা কৰাতো হাস্যকৰ আৰু কোচ ৰাজবংশী উন্নয়নবিৰোধী চৰিত্ৰ উদঙাই দিছে ৷ আক্ৰাছুৰ প্ৰাক্তন সভাপতিদ্বয়ে আৰু কয় য়ে জনজাতিসকলৰ প্ৰতি আমাৰ কোনো বিদ্বেষ নাই ৷ বৰং তেওঁলোকৰ সামগ্ৰিক উন্নয়ন বিচাৰো ৷ কোচ ৰাজবংশীসকলে জনজাতিকৰণ বিচাৰি অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীগোটক স্পষ্টকৈ কৈছো যে বৰ্তমানৰ জনজাতিসকলৰ স্বাৰ্থ কোনোধৰণৰ বিঘ্নিত নোহোৱাকৈ কোচ ৰাজবংশীসকলক পূৰ্বৰ অনুমোদনৰ ভিত্তিত অনুসূচিত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে ৷ গতিকে, এনেক্ষেত্ৰত বৰ্তমানৰ জনজাতিসকল কোনো কাৰণতে শংকিত বা ভীতিগ্ৰস্ত হ'ব নালাগে ৷ সংবাদমেলত বিশ্বজিৎ ৰায় আৰু অতুল ৰায়ে জনজাতিকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ বিজেপি চৰকাৰৰ হোঁহকা-পিছলা নীতিক তীব্ৰ সমালোচনা কৰি কয় যে এইবাৰ যদি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ জনজাতিসকলে বিৰোধিতা কৰাৰ বাবেই কোচ ৰাজংশীসকলক চলিত সংসদৰ শীতকালীন অধিৱেশনতে বিধেয়ক উত্থাপন কৰি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে কোচ ৰাজবংশীসকলে ভাবিবলৈ বাধ্য হ'ম যে বিজেপি দল, আৰএছএছ আৰু চৰকাৰৰ ষড়যন্ত্ৰ আৰু উচতনিতে জনজাতি সংগঠনসমূহে অসমৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণত বিৰোধিতা কৰি আহিছে।সেয়ে আমি বিজেপি নেতৃত্বাধীন অসম আৰু কেন্দ্ৰীয় চৰকাৰক কাৰো প্ৰতিবাদ বা বিৰোধিতাৰ কৰ্ণপাত নকৰাকৈ যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি চলিত সংসদৰ শীতকালীন অধিৱেশনতে জনজাতিকৰণ বিধেয়ক উত্থাপন কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী কাৰ্যকৰী কৰিবলৈ দাবী জনায় ৷ একেদৰে বৰ্তমানৰ যিসমূহ জনজাতিয়ে জনজাতীয় বৈশিষ্ট্য নথকাৰ পিছতো যুগ যুগ ধৰি জনজাতিৰ মৰ্যাদা লাভ কৰি আহিছে,সেইসকলক চিনাক্ত কৰি জনজাতিৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় ৷অন্যাথা সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হ'ব বুলিও নেতাদ্বয় সংবাদমেলত স্পষ্ট কৰি দিয়ে ৷

Your Comments