ৰাতিটোৰ ভিতৰতে মহাৰাষ্ট্ৰত আশ্চৰ্যজনকভাৱে ৰাজনৈতিক সমীকৰণৰ পৰিৱৰ্তন হৈ বিজেপিৰ দেৱেন্দ্ৰ ফড়নৱিশে শনিবাৰে পুৱা পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মহাৰাষ্ট্ৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে।শাৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিত বিভাজন ঘটিছে আৰু এনচিপিৰ একাংশ বিধায়কে অজিত পাৱাৰৰ নেতৃত্বত বিজেপিক সমৰ্থন দিছে।উল্লেখ্য যে অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।ইফালে,অজিত পাৱাৰে বিজেপিক সমৰ্থন দিয়াটোক শাৰদ পাৱাৰে এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত বুলি উল্লেখ কৰিছে।
- Log in to post comments
- 22 views