চৰাইদেউৰ পৰা ঘন বৰা:
বৰহাট আঞ্চলিক বন বিভাগে বন ধ্বংসত ব্যৱহৃত এটা হাতী জব্দ কৰি সফলতা অৰ্জন কৰিছে।হাতীৰ লগতে ইন্দ্ৰেশ্বৰ শইকীয়া আৰু ৰজনী দাস নামৰ দুজন মাউতকো আটক কৰিছে।দুয়োজনৰে ঘৰ গোলাঘাট জিলাৰ মেৰাপানীত।জব্দ কৰা হাতীটোৰ গৰাকীৰ নাম তাজনুৰ আলি আৰু তেওঁৰ ঘৰ মেৰাপানীত।বুধবাৰে পুৱা বন বিভাগৰ এটা তহলদাৰী দলে চৰাইদেউ জিলাৰ বৰহাট দিল্লী সংৰক্ষিত বনাঞ্চলৰ ডাঙৰীকুমাৰত মাউতসহ জব্দ কৰে হাতীটোক।দিল্লী সংৰক্ষিত বনাঞ্চলত বন ধ্বংসত ব্যৱহাৰ কৰা হৈছিল হাতীটোক।
- Log in to post comments
- 34 views