শুৱালকুছিৰ প্ৰতিবেদক:
উত্তৰ-পূবৰ মানচেষ্টাৰ খ্যাত তথা শিপিনীসকলে হাতে বোৱা পাট - মুগাৰ কাপোৰ তৈয়াৰ কৰি বিশ্বৰ বুকুত সুকীয়াকৈ নিজৰ চিনাকি দিবলৈ সক্ষম হোৱা শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটোৰ ধ্বংস কৰাৰ উদ্দেশ্যেৰ একাংশ অসাধু ব্যৱসায়ীয়ে হুবহু বস্ত্ৰ বহিৰাজ্যত তৈয়াৰ কৰি আনি শুৱালকুছিৰ বুলি বিক্ৰী কৰি গ্ৰাহকসকলক প্ৰৱঞ্চনা কৰাৰ বিৰুদ্ধে শুৱালকুছিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত যোৱা কিছুদিন ধৰি এটা 'সজাগতা যাত্ৰা' কৰিছে । শুৱালকুছিৰ অতি প্ৰাচীন বস্ত্ৰশিল্পৰ প্ৰতি এনেদৰে ভাবুকি অহাত ইয়াৰ এক সমাধান বিচাৰি বৃহস্পতিবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকি হস্তঁতাত বস্ত্ৰ বিভাগৰ সঞ্চালিকা কবিতা ডেকাই বক্তব্য প্ৰদান কৰি কয় যে ইতিমধ্যে কামৰূপ জিলাৰ প্ৰশাসনৰ সহযোগত শুৱালকুছিৰ নামত বেনাৰসী বস্ত্ৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাইছে ৷বহিৰাগত গামোছা,দখনা আদি বিক্ৰী কৰাৰ ক্ষেত্ৰত হস্ততাঁত বিভাগে কঠোৰ পদক্ষেপ ল'ব বুলি তেওঁ উপায়ুক্তৰ সম্মুখত ব্যক্ত কৰে ৷ শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতি আৰু শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই কামৰূপ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ জৰিয়তে অসমৰ হস্ততাঁত বিভাগক একমাত্ৰ অসমীয়া জীয়ৰী - বোৱাৰীয়ে পৰিধান কৰা মেখেলা চাদৰৰ লগতে অসমীয়া বিয়াত কইনাই পৰিধান কৰা পাটৰ কাপোৰযোৰক কিছুদিন আগতে অসমৰ গামোচাই লাভ কৰা লেখীয়াকৈ 'G.I' (ভৌগলিক চিহ্ন) দিয়াৰ বাবে অনুৰোধ জনায় ৷ লগতে, ২০১৭ চনত অসম চৰকাৰৰ পৰা শুৱালকুছিৰ শিপিনীয়ে লাভ কৰা বাৰ কোড, ট্ৰেড মাৰ্ক চিহ্ন আৰু শুৱালকুছিৰ কাপোৰ বিশুদ্ধতা পৰীক্ষা চিল্ক মাৰ্ক সম্পৰ্কে বিশেষভাৱে আলোচনা কৰা হয় । সভাখনত উপস্থিত থকা তাঁঁত শিল্প উন্নয়ন সমিতিৰ প্ৰতিনিধিসকলে স্পষ্টভাৱে অসমৰ পাট-কাপোৰৰ গ্ৰাহকসকলক এই সভাৰ জৰিয়তে যে শুৱালকুছিত তৈয়াৰী বুলি কোনোবা গ্ৰাহকে যদি পাট-কাপোৰ ক্ৰয় কৰিব বিচাৰে,তেনেহ'লে শুৱালকুছি চিল্ক লেবৰেটৰীত প্ৰদান কৰা হলমাৰ্কযুক্ত বিশুদ্ধতাৰ প্ৰমাণ আৰু বাৰকোড তথা ট্ৰেডমাৰ্ক থকা কাপোৰহে ক্ৰয় কৰিবলৈ কয়।সভাত শুৱালকুছি আছু,শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতি আৰু তাঁত কাপোৰৰ ব্যৱসায়ীসকলৰ বক্তব্য জিলা উপায়ুক্ত আৰু সঞ্চালিকাই গুৰুত্বসহকাৰে লৈ সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে।লগতে জিলা উপায়ুক্তগৰাকীয়ে শান্তি-শৃংখলা ভঙ্গ কৰি আইন হাতত ল'বলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে।সভাখনত উপস্থিত থাকে উপায়ুক্ত কমল কুমাৰ বৈশ্য , অতিৰিক্ত উপায়ুক্ত গৌৰীকান্ত শৰ্মা, হস্ততাঁঁত বস্ত্ৰবিভাগৰ সঞ্চালিকা কবিতা ডেকা,সহকাৰী সঞ্চালক নিশিকান্ত শৰ্মা । লগতে উপস্থিত থাকে সাংবাদিক সন্থাৰ সভাপতি মধুসুধন মেধি, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা, তাঁঁত শিল্প উন্নয়ন সমিতিৰ সম্পাদক বিপুল চন্দ্ৰ বৈশ্য,শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য আৰু শুৱালকুছিৰ তাত শিল্পৰ লগত জড়িত শিপিনি আৰু ব্যৱসায়ীসকল ।
- Log in to post comments
- 38 views