বঙাইগাঁৱত নৱনিযুক্ত উপায়ুক্তৰে জ্যেষ্ঠ নাগৰিকৰ বৈঠক

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে উপায়ুক্ত ডাঃ সদনেক সিঙৰ সৈতে জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ এখন বৈঠক অনুষ্ঠিত  কৰা হয়।বৈঠকৰ পূৰ্বে উপায়ুক্তগৰাকী জ্যেষ্ঠ নাগৰিকসকলৰ লগত চা-চিনাকি হয় । ইয়াৰ পিছতে জ্যেষ্ঠ নাগৰিক সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তগৰাকীক এখন ফুলাম গামোচাৰে আদৰণি জনায় । বৈঠকত জিলা জ্যেষ্ঠ নাগৰিক ফ'ৰামৰ সভাপতি অলকেশ চক্ৰৱৰ্তী আৰু জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি লক্ষীকান্ত ৰায়ে বিগত ২৪ জানুৱাৰীত পূৰ্ব্বৰ  উপায়ুক্তগৰাকীৰ লগত হৈ যোৱা বৈঠকৰ কাৰ্যবিৱৰণীৰ প্ৰতিলিপি উপস্থাপন কৰে আৰু কাৰ্যবিৱৰণীত উল্লিখিত দাবীসমূহ পুনৰ উপস্থাপন কৰে ৷ বৈঠকত বঙাইগাঁও চহৰখনৰ পানী যোগান ব্যৱস্থা সুদৃঢ়কৰণ কৰা, চহৰখনত প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা কৰা , চহৰখনৰ মূল পথৰ যান-জঁটৰ  সমস্যা হ্ৰাস কৰা , বৰপাৰা ৰাজহুৱা আস্থান  স্থানান্তৰ কৰি কোনো এক স্থানত স্থায়ী আস্থানৰ ব্যৱস্থা কৰা ,গান্ধী ময়দান পথাৰখন উন্নীতকৰণ কৰি ময়দানখনৰ পৰিসীমাৰ সুৰক্ষা প্ৰদান কৰা , নতুনকৈ নিৰ্মাণ কৰা চহৰখনৰ মাজৰ পদপথৰ ওপৰৰ দোকানসমূহ স্থানান্তৰ কৰা , অ'টো, টেম্পু' আৰু ই-ৰিক্সাসমূহ চলাচল কৰা অনুজ্ঞাপথ চিনাক্তকৰণ কৰা , চহৰৰ মাজত গতি কৰা যানবাহনসমূহৰ পাৰ্কিঙৰ সুব্যৱস্থা নিৰূপণ কৰা আৰু চহৰখন পৰিস্কাৰ-পৰিচ্ছন্নতাৰে ৰখাৰ বাবে ঠায়ে-ঠায়ে ডাষ্টবিনৰ ব্যৱস্থা কৰা আদি  দাবীৰ  শীঘ্ৰে  সমাধান বিচাৰি উপায়ুক্তগৰাকীক অনুৰোধ জনায়।উপায়ুক্ত ডাঃ সদনেক সিঙে বৈঠকত উপস্থাপন কৰা দাবীসমূহৰ  বিষয়ে অৱগত হৈ পূৰণৰ ক্ষেত্রত আশ্বাস প্ৰদান কৰি সকলোৰে সহায়- সহযোগিতা বিচাৰে । এই বৈঠকত জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে ধ্ৰুৱজ্যোতি দাস আৰু অনুপম ডেকাৰ লগতে সন্থাৰ সদস্যসকল উপস্থিত থাকে ।

 

Your Comments