বিশেষ প্ৰতিবেদক,ৰঙিয়া :
অসমৰ ছাত্ৰ সমাজক শৈক্ষিক,বৌদ্ধিক নেতৃত্ব প্ৰদান কৰাৰ লগতে জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাৰ অৰ্থে বৃহস্পতিবাৰে ভূমিষ্ঠ হোৱা অসম গণ পৰিষদৰ দলৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিত ৰঙিয়া সমষ্টিৰ পৰা স্হান লাভ কৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ দ্বীপজ্যোতি শালৈ, ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ নয়নমণি শৰ্মা, ৰঙিয়া অভিজ্ঞান একাডেমিৰ ছাত্ৰী অংকিতা শ্ৰাৱণী আৰু গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰ বিদ্যুৎ বিকাশ ভৰালীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক অৰ্ণৱ ভৰালীৰ লগতে যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য প্ৰৱাল বুজৰবৰুৱা আৰু অসম গণ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি লীলাধৰ শালৈয়ে।এওঁলোকৰ অংশগ্ৰহণে ৰঙিয়াত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁলোকে আশা প্ৰকাশ কৰে।
- Log in to post comments
- 21 views