উচ্ছেদৰ কৰ্মসূচীসহ বেদখলীকৃত ভূমিৰ প্ৰতিবেদন দাখিলৰ বাবে চক্ৰ বিষয়াক জৰুৰী নিৰ্দেশ বৰপেটা উপায়ুক্তৰ

Pic

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন : বৰপেটা জিলাৰ ভূমি ৰাজহ সংগ্ৰহৰ হাৰ দ্ৰুততৰ কৰাৰ লগতে জিলাখনত চলি থকা বেদখলসমূহৰ সম্পৰ্কত অতি শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ জিলা উপায়ুক্তই চক্ৰ বিষয়াসকলক নিৰ্দেশ দিছে।বুধবাৰে উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত ৰাজহ বিষয়ক এখন সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই মাটিৰ খাজনা সংগ্ৰহ খৰতকীয়া কৰাৰ বাবে মৌজাদাৰসকলৰ সৈতে আলোচনামৰ্মে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে মাটিৰ খাজনা আদায়ত অত্যধিক বিলম্ব হোৱাত উপায়ুক্তগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।তেওঁ লগতে জনোৱা মতে জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰৰ অধীনত কিমান মাটি অবৈধভাৱে দখল কৰি ৰখা হৈছে,সেই সম্পৰ্কত উচ্ছেদ কৰ্মসূচীসহ প্ৰতিবেদন অতি শীঘ্ৰে দাখিল কৰিবলৈও চক্ৰ বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিছে। বৰপেটা জিলাৰ সকলো অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰ উপৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া উপস্থিত থকা সভাখনত ৰাজহ বিষয়ক আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পৰ্যালোচনা কৰা হয়। সেই অনুসৰি মাটিৰ পট্টা প্ৰদান, উপযুক্ত প্ৰতিষ্ঠানক ভূমি আৱন্টন আদিৰ কাম খৰতকীয়া কৰি তোলাৰ বাবেও উপায়ুক্তই চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি ইটাৰ ভাতাসমূহে ব্যৱহাৰ কৰি থকা মাটিৰ নথি পৰীক্ষা কৰি ইটা ভাতাসমূহে দখল কৰি থকা মাটি সম্পৰ্কেও এখন প্ৰতিবেদন দিবলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।

Your Comments