পিয়াঁজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাই আছে দেশৰ জনতাক।দেশজুৰি প্ৰতি কিল'গ্রামত ৬০-৮০ টকা দৰত বিক্ৰী হৈ আছে পিয়াঁজ।ৰাজধানী দিল্লীত পিয়াঁজৰ মূল্য কিল'গ্রামে প্ৰতি ১০০ টকা হৈছিলগৈ।এনে পৰিস্থিতিত দেশত পিয়াঁজৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এটা বিশেষ পদক্ষেপ।পিয়াঁজৰ মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে বিদেশৰ পৰা ১.২ লাখ টন পিয়াঁজ আমদানিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ পিছত দেশত পিয়াঁজৰ মূল্য হ্ৰাস কৰাৰ আশা কৰা হৈছে।
- Log in to post comments
- 7 views